Friday , September 25 2020
শেহতীয়া খবৰ

গোৱালপাৰাত আৰু এজন কোভিড-১৯ ত আক্ৰান্তঃ ৰাজ্যত ৪৩ জনলৈ বৃদ্ধি কোৰোনা ৰোগী

দৈনিক গণঅধিকাৰ,গোৱালপাৰাঃ গোৱালপাৰাত আৰু এজন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া  টুইট কৰি ঘোষনা কৰিছে এই কথা।স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষনা কৰা অনুসৰি ৰাজ্যখনত কোৰোনা ভাইৰাচত আক্ৰান্তৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি হৈছে।জানিব পৰা মতে,স্বাস্থ্য মন্ত্ৰী শৰ্মাই ঘোষনা কৰা ৪৩ সংখ্যক ৰোগীজন গোৱালপাৰা চহৰৰ ভাটিপাৰাৰ জালালুদ্দিন।

গোৱালপাৰা চহৰৰ দোস্তী নগৰৰ মছজিদত ইমামতি কৰা ব্যক্তিজনক শেহতীয়াকৈ স্বাস্থ্য বিভাগে ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত ৰাখিছিল।স্বাস্থ্য বিভাগৰ সূত্ৰ এটিয়ে জানিব দিয়া মতে, ইমাম জালালুদ্দিনকে ধৰি গোৱালপাৰা চহৰৰ কেইবাজনো লোকক শেহতীয়াকৈ জিলা স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰাখি কোৰোনা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল।ইয়াৰে ইমাম জালালুদ্দিনৰ নমুনাত কোৰোনা ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে মঙলবাৰে।ইমাম জালালুদ্দিনৰ শেহতীয়া কোনো ট্ৰেভেল হিষ্টৰী নাই বুলি একেটা সূত্ৰই জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *