Friday , September 25 2020
শেহতীয়া খবৰ

গোৱালপাৰাৰ চাৰি গৰাকী কোভিড-১৯ ৰোগীৰ তিনিজনৰ আৰোগ্য লাভ

গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদ মেল

দৈনিক গণঅধিকাৰ, গোৱালপাৰাঃ আজি গোৱালপাৰা অসামৰিক চিকিৎসালয় প্ৰদৰ্শণ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰী পূযুষ হাজৰিকাই।চিকিৎসালয় খন পৰিভ্ৰমণ কৰি মন্ত্ৰী দুগৰাকীয়ে এক সংবাদ মেল সম্ভোধন কৰে।সাংবাদ মেলত মন্ত্ৰী শৰ্মাই গোৱালপাৰাৰ জিলাৰ চাৰিগৰাকী কভিড-১৯ত আক্ৰান্ত লোকৰ ভিতৰত তিনিজনক চিকিৎসালয়ৰ পৰা আজি অব্যাহতি দিয়া  বুলি ঘোষণা কৰে ।

ইয়াৰোপৰিও সাংবাদ মাধ্যমৰ আগত বিভিন্ন তথ্য দাঙি ধৰি তেওঁ কয় যে তিনিও গৰাকীৰ স্বাস্থ্য বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু এওঁলোকক লৈ এতিয়া চিন্তাৰ কাৰণ নাই।সুস্থ হোৱা তিনিও গৰাকী ৰোগীক পুনৰ ১৪ দিনৰ কোৱাৰেইন্টাইনত ৰখা হব তাৰ পিছতে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হব।উল্লেখ যে আজি কৰ’নাক জয় কৰি উৎফুল্লিত তথা গৌৰাম্বিত হৈ পৰে ক্ৰমে ছাহজাহান আলী আহমেদ, কবিৰুদ্দিন ৰহমান আৰু ইউছুফ আলীয়ে‌।

ইপিনে সাংবাদিকৰ সন্মুখত  স্বাস্থ্য বিভাগৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰে কৰ’না জয়ী তিনিওগৰাকী লোকে।আজিৰ  এই সাংবাদ মেলত মন্ত্ৰী শৰ্মাৰ ওপৰিও মন্ত্ৰী পূযুষ হাজৰিকা,জিলা উপায়ুক্ত বৰ্ণালী ডেকাকে ধৰি  কেবাজনো চিকিৎসক কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *