Friday , September 25 2020
শেহতীয়া খবৰ

গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰত ড্ৰাগছৰ কণ্টেইনাৰসহ এহাল দম্পতী আটক

দৈনিক গণঅধিকাৰ,গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ  ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰত আজি ড্ৰাগছৰ কণ্টেইনাৰসহ এহাল দম্পতী স্থানীয় ৰাইজে আটক কৰে৷ জানিব পৰামতে জোৰশিমুলীৰ মহাবীৰ পথাৰ (দাসপাৰা) গাঁৱৰ জামাল উদ্দিনে পত্নী নুৰজাহান বেগমক লগত লৈ ঘোঁৰামাৰা পথাৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি নিজগৃহ অভিমূখে গৈ থকা অৱস্থাত মটৰ চাইকেলখন ঘোঁৰামাৰা পথাৰ নামৰ ঠাইখিনিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ হয়৷ পিছত মটৰ চাইকেলসহ দম্পতীহালক স্থানীয় ৰাইজে ড্ৰাগছৰ ১০টা কণ্টেইনাৰ উদ্ধাৰ হয়৷
ঘটনা সন্দৰ্ভত ৰাইজে আৰক্ষীক খবৰ দিয়াত জোৰশিমুলী আৰক্ষীয়ে মহাবীৰ পথাৰ গাঁৱৰ জামাল উদ্দিন পত্নী নুৰজাহান বেগমক আটক কৰাৰ লগতে ড্ৰাগছৰ ১০টা কণ্টেইনাৰ উদ্ধাৰ কৰে৷ ইয়াৰোপৰি আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা দুটা ম’বাইল ফোন আৰু এটা নম্বৰবিহীন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *