Thursday , August 13 2020
শেহতীয়া খবৰ

ঘনকান্ত বৰা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পয্যায়ৰ ৱেব চেমিনাৰ সম্পন্ন:

গণ বার্তা, আমগুৰি, ০৯ জুলাই : যোৰহাট জিলাৰ পূবপ্ৰান্তৰ তামূলীছিগাত অৱস্থিত ঘনকান্ত বৰা মহাবিদ্যালয়ত যোৱা ১ আৰু ৪ জুলাইত দুখন ৰাষ্ট্ৰীয় পয্যায়ৰ ৱেব চেমিনাৰ অনুষ্ঠিত হৈ যায় । অসম মহাবিদ্যালয় গন্থাগাৰিক সংস্থা (ACLA) ৰ ICT কোষৰ সহযোগত মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল আৰু শিক্ষাতত্ব বিভাগৰ উদ্যোগত Awareness Programme on Use of Online E-resource শীষৰ্ক চেমিনাৰখনত সমল ব্যক্তি হিচাপে আলোচনা আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক সঞ্জয় কুমাৰ সিং, K.C.Das Commerce College ৰ গ্ৰন্থাগাৰিক তথা ACLA ৰ সম্পাদক ডঃ প্ৰশান্ত কুমাৰ ডেকা, আৰু ACLA ৰ ICT কোষৰ সমন্বয়ক ডঃ বিৰেন্দ্ৰ পালে । মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিত বৰাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা ৱেবচেমিনাৰখনত পাঁচশতাধিক শিক্ষক , ছাত্ৰ, গৱেষকে অংশ লয় । আনহাতে ৪ জুলাইত ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ৰ লগত যুটীয়াভাবে দুয়োখন মহাবিদ্যালয়ৰ আভ্যন্তৰীন গুণাগুণ নিশ্চিতকৰণ কোষ আৰু শিক্ষা তত্ব বিভাগৰ যুটীয়া উদ্যোগ ত আয়োজন কৰা Education and Psycho-Social Impact: During Covid-19 Pandemic শীৰ্ষক ৱেব চেমিনাৰখনত অসম বিশ্ববিদ্যালয়, শিলচৰৰ অধ্যাপিকা ৰীতিকা ৰাজেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয় ৰ অধ্যাপক ৰাজিন্দৰ সিং সমল ব্যক্তি হিচাপে উপস্থিত থাকে । দুয়োখন ৱেবিনাৰতে অংশ গ্ৰহণকৰী সকলক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আয়োজক সকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে । কভিদ মহামাৰীৰ দূৰ্যোগৰ সময়ত নব্য  প্ৰযুক্তি ব্যৱহাৰৰে এনে অনুষ্ঠান সম্পাদন কৰাৰ বাবে মহাবিদ্যালয় খনে লোৱা পদক্ষেপত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে |

Leave a Reply

Your email address will not be published. Required fields are marked *