Friday , September 25 2020
শেহতীয়া খবৰ

চাকৰি চৰকাৰীকৰণৰ দাবীত আমগুৰিত পৌৰ কৰ্মীৰ অৱস্হান ধৰ্মঘট

গণ বাৰ্তা , আমগুৰি , ১ ছেপ্তেম্বৰ : অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে পৌৰ কৰ্মীসকলৰ চাকৰি চৰকাৰীকৰণকে ধৰি বিভিন্ন দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান ক্ৰমে আমগুৰি পৌৰ কৰ্মচাৰী সকলেও আজিৰ পৰা তিনিদিনীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে ৷২০১৩ চনৰ ৪ ছেপ্তেম্বৰত পৌৰকৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰি অধিসূচনা জাৰি কৰা, পৌৰ কৰ্মচাৰী সকলৰ ৩ মাহৰ পৰা সুদীৰ্ঘ ২৭ মাহৰ অনাদায় দৰমহা শীৰ্ঘে আদায় দিয়া,২০১৩ চনৰ ৪ ছেপ্তেম্বৰত কেবিনেট সভাত অনুমোদিত সুনিদিষ্ট কৰ্মচাৰীৰ গাঁঠনি (Staffing Pattern)ৰ চৰকাৰী অধিসূচনা জাৰি কৰা,পৌৰসভা সমূহত কৰ্মৰত হৰিজন,চাফাই কৰ্মচাৰী,ফিক্স- পে আৰু ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰী সকলক সুনিদিষ্ট কৰ্মচাৰী গাঁঠনিৰ নিদ্ধাৰিত পদত অতিশীৰ্ঘে নিয়মীয়াকৰণ কৰি পে’ স্কেল আদায় দিয়া, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৌৰ কৰ্মচাৰী সকলক ৰাজ্যিক বিত্তীয় আয়োগৰ আওতালৈ আনি দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা আৰু ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰী সকলৰ অনাদায় বকেয়া দৰমহা আৰু অৱসৰকালীন সা-সুবিধা সমূহ শীৰ্ঘে আদায় দিয়া আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীৰ দৰে পেন্সন আঁচনি প্ৰৱত্তন কৰাৰ দাবীত আমগুৰি পৌৰ কৰ্মচাৰী সকলে আজিৰে পৰা তিনিদিনীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷স্মৰ্তব্য যে ৰাজ্যৰ প্ৰতিখন চৰকাৰেই পৌৰ কৰ্মচাৰী সকলক প্ৰতাৰণা কৰি আহিছে বুলি পৌৰ কৰ্মচাৰী সন্হাই অভিযোগ উত্থাপন কৰি আহিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *