Monday , September 21 2020
শেহতীয়া খবৰ

চাবুৱাত কৰোনা আক্ৰান্তৰ মৃত্যু

গণ বাৰ্তা, ডিব্ৰুগড়, ২৬ জুলাইঃ  চাবুৱাস্থিত টাটা ৰেফাৰেল হস্পিটেলত এগৰাকী কৰোনাত আক্ৰান্তৰ মৃত্যু। চাবুৱাৰ টেঙাখাতৰ ইণ্ডিৰা ফুকন (৭০) নামৰ মহিলা গৰাকী লক্ষীমপুৰত থকা অৱস্থাত ব্ৰেইন ষ্ট্ৰ’ক হোৱাত চাবুৱাৰ হস্পিটৈল খনলৈ আনি ভৰ্টি কৰোৱা হৈছিল ১৭ জুলাইত। ২১ জুলাই লেলাউটি পৰীক্ষাৰ ফলাফল ২৫ জুলাইত আহি পোৱাৰ পোৱা দিনটোৰ সন্ধিয়াৰ সময়ত মৃত্যু হয় মহিলা গৰাকীৰ। চিকিৎসালয় খনৰ পৰা মৃতদেহ উলিয়াই চাবুৱা নগৰৰ শ্মশান ঘাটত সৎকাৰ কৰা হয়। কভিড ১৯ৰ কোনো লক্ষণ নথকা মহিলা গৰাকীৰ চিকিৎসা আৰু পৰিচৰ্যা কৰা সকলো কৰ্মী শংকিত হৈ থকাৰ সময়তে জিলা স্বাস্থ্য বিভাগে ৭০ জনতকৈ অধিক লোকক পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে আজি। ৰোগী গৰাকীক চিকিৎসা কৰা কোঠালীকে ধৰি কেইবাটাও কক্ষ কনটেইনমেণ্ট কৰা হৈছে। উল্লেখ্য যে চাবুৱাৰ টাটা ৰেফাৰেল হস্পিটেল খনৰ অধীক্ষক ডাঃ পূৰ্ণানন্দ খাউণ্ডৰ আত্মীয় হোৱাৰ বাবে তেখেতৰ পৰিয়ালকো তৎকালীন ভাৱে প্ৰয়োজনীয় পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *