Friday , September 25 2020
শেহতীয়া খবৰ

চাবুৱাত দুষ্প্ৰাপ্য বৰ কাছ উদ্ধাৰ

গণ বাৰ্তা, চাবুৱা, ১৩ ছেপ্টেম্বৰঃ চাবুৱাত অলপতে দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা বৰ কাছ উদ্ধাৰ হয়। চাবুৱা আৰক্ষী থানাৰ সমীপৰ শিক্ষক পংকজ শৰ্মাই ভাৰা ঘৰৰ চোতালতে  প্ৰায় ৪ কেজি ওজনৰ উক্ত বৰ কাছটো প্ৰত্যক্ষ কৰে। পিছত শৰ্মাই বৰ কাছটো ধৰি সাংবাদিক অনুপম বুঢ়াগোহাঁই আৰু চাবুৱা আৰক্ষী চক্ৰ বিষয়া দেবজ্যোতি ফুকনৰ সৈতে মায়ামৰা দিনজয় সত্ৰৰ ঐতিহাসিক বৰ পুখুৰীত উক্ত বৰ কাছটো নিশা মেলি দিয়েগৈ। বিৰল প্ৰজাতিৰ উক্ত বৰ কাছটো উদ্ধাৰ কৰি বৰ পুখুৰীত মেলি দিয়া কাৰ্যক সত্ৰৰ ডেকা সত্ৰাধিকাৰ মনোজ গোস্বামীদেৱে প্ৰশংসা কৰিছে। উল্লেখ্য যে ঐতিহাসিক দিনজয় সত্ৰৰ বৰ পুখুৰীত কেইবাটাও তেনে বৰ কাছ থকাৰ বিষয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *