Thursday , August 13 2020
শেহতীয়া খবৰ

চামগুৰিৰ কলং সুঁতিত গা ধুবলৈ গৈ এটি আঠ বছৰীয়া শিশুৰ সলিল সমাধি

গন বাৰ্তা,চামগুৰি, ১ জুলাইঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিত আজি এটি আঠ বছৰীয়া শিশুৱে কলং সুঁতিত গা ধুবলৈ গৈ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।জানিব পৰা মতে  আজি দিনৰ প্ৰায় এক মান বজাত সোনাৰিবালিৰ নিবাসী ইমাম হুছেইনৰ পুত্ৰ হজৰত আলী (৮) নামৰ শিশু জনে আনদিনাৰ দৰে আজিও দুপৰীয়া ভাগত ফেনেফুটুকাৰে বাঢ়ি অহা কলং সুঁতিত গা ধুবলৈ গৈ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোৰ স্থানীয় লোকৰ মাজত হাহাকাৰ লাগে।স্থানীয় লোকে পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত সলিল সমাধি হোৱা শিশু হজৰতৰ মৃতদেহটো কলং সুঁতিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।পৰবৰ্তী সময়ত আৰক্ষীয়ে  মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *