Thursday , August 13 2020
শেহতীয়া খবৰ

চাহ জনজাতি ছাত্ৰ ছাত্ৰীৰ স্কুলাৰচিপ অনিয়মৰ প্ৰতিবাদত আটচাৰ প্ৰতিবাদ , শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ

গণ বার্তা, লেখাপানী, ২৮ জুলাই :  অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা শাখা সমিতিয়ে লেখাপানী ৰাষ্ট্ৰীয় ঘাইপথত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰি সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে । উল্লেখ্য যে অসম চাহ জনজাতি সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত ভৱিষ্যৎক লৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে শেতালি খেলাৰ বাবে সৰৱ হৈ পৰিছে সংগঠনটো । চাহ জনজাতি সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে অসম চৰকাৰৰ অধীনৰ চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যান বিভাগে শিক্ষাৰ্থী সকলক স্কলাৰশ্বিপ দিয়াৰ সন্দৰ্ভত কেইবাখনো তালিকা প্ৰস্তুত কৰি বৰ্তমানেও বিসংগতি হোৱাত আজি পয্যন্ত এখন শুদ্ধ সঠিক তালিকা ৰূপায়ন নকৰাৰ বাবে জাঙুৰ খাই উঠিছে চাহ জনজাতি সংগঠনটো । সংগঠনটোৰ স্পষ্ট মত যে অতি শীঘ্ৰে বিভাগটোৰ দায়িত্বত থকা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে এখন শুদ্ধ তালিকা প্ৰস্তুত কৰি চাহ জনজাতি সম্প্ৰদায়ৰ শিক্ষাৰ্থী সকলক স্কুলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰক অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই সঞ্জয় কিষাণৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰা হব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰাইকে সংবাদ মাধ্যমৰ যোগেদি হুংকাৰ প্ৰদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *