Sunday , September 20 2020
শেহতীয়া খবৰ

চিকিৎসক ডাঃ ৰাহুল বসুমতাৰী হত্যাকাণ্ডৰ ৰহস্য ফাদিল ; সমকামিতাৰ ইংগিত আৰক্ষীৰ

গণবাৰ্তা বিশেষ, যোৰহাট, ৭ চেপ্তেম্বৰ :  যোৰহাট কপাই যোৱা জে কে শইকীয়া মেম’ৰিয়েল হোমিঅ’পেথিক কলেজৰ ইন্টাৰ্ণ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ড ঘটনাৰ হত্যাকাৰী আৰক্ষী জালত পৰা পিছতে ফাদিল হৈছে হত্যাৰ ৰহস্য| ঘণিষ্ঠ বন্ধুৱে পাচলি কটা কটাৰিৰে ডিঙি ৰেপি হত্যা কৰিছিল চিকিৎসক বসুমতাৰীক| “মই তাক হত্যা কৰিলো”– হত্যাকাৰী দিগন্ত তাঁতীৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে চাঞ্চল্য সৃষ্টি কৰিছে সৰ্বত্ৰে|৪ চেপ্তেম্বৰৰ পুৱতি নিশা চিকিৎসক ৰাহুলে দিগন্তক শাৰীৰিক ভাৱে অশান্তি কৰিছিল যিটো ঘটনাত ক্ষোভিত হৈ পৰিছিল দিগন্ত| “সি তেনেকুৱা কৰা বাবে মোৰ খং উঠিছিল আৰু তাক ডিঙিত কাটিছিলো| পিছত ভাবিলো এনেকৈ থাকিলে সি কষ্টহে পাব সেয়ে তাক একেবাৰে মাৰি পেলালো|” মাত্ৰ পোন্ধৰ দিনৰ আগতে চিনাকি হোৱা পেচাত ৰং পেইন্টাৰ দিগন্ত তাতীৰ অকপট স্বীকাৰোক্তি আছিল এয়া| কিন্তু কিয় খং উঠিছিল দিগন্তৰ চিকিৎসক জনৰ ওপৰত| আৰক্ষীক দিয়া স্বীকাৰোক্তিত পোহৰলৈ আহিল চিকিৎসক জনৰ লগত থকা দিগন্ত অপ্ৰকৃতিক সম্বন্ধৰ ৰহস্য| একমাত্ৰ সমকামিতাৰ বাবেই চিকিৎসক ৰাহুলে সাৱটি লব লগীয়া হল কৰুণ মৃত্যুক|
কিয় হত্যা কৰিলে ৰাহুলক: মোবাইল ফোনত হোৱা কথা বৰ্তাৰে চিনাকি হোৱা ৰাহুল আৰু দিগন্তৰ সম্বন্ধ গাঢ় হৈছিল অপ্ৰাকৃতিক সম্পৰ্কৰ বাবে| সমকামী চৰিত্ৰৰ বাবে দিনক দিনে কাষ চাপি গৈছিল দুয়ো| ৪ চেপ্তেম্বৰৰ পূৰ্বেও দিগন্ত ৰাহুলৰ ঘৰত নিশা কটাই গৈছিল| হত্যাকাণ্ড সংঘটিত হোৱা দিনটোতো ৰাহুলে নিজৰ মটৰচাইকেলেৰে দিগন্তক ভাড়া ঘৰলৈ আনিছিল| কেৱল ইমানেই নহয় ৰাহুলে নিজে মাছ কিনি আনি ৰান্ধিছিল আৰু দুয়ো ভাত খাই শুই পৰিছিল| পুৱতি নিশা ৰাহুলে দিগন্তক অশান্তি কৰা বাবে দিগন্তৰ খং উঠে বুলি অভিযোগ কৰিছে দিগন্তই| যাৰ ফলত দিগন্তই পাকঘৰৰ পৰা পাচলি কটা কটাৰি খন আনি গাৰুৰ তলত থৈ পুনৰ শুই পৰে| অলপ পিছতে ৰাহুলৰ টোপনি যোৱা দেখি দিগন্তই ৰাহুলৰ ডিঙিত কটাৰীৰে ৰেপ দিয়ে| ৰাহুলে চিঞৰিবলৈ ধৰাত দিগন্তই গাৰুৰে ৰাহুলৰ মূখত হেচা মাৰি ধৰে আৰু টনা আজোৰাৰ ফলত ৰাহুল মজিয়াত বাগৰি পৰে| অত্যাধিক ৰক্তক্ষৰনৰ বাবে ৰাহুলে কৰুণ মৃত্যুক সাৱটি লব লগা হয়|
কি দৰে আগবাঢিছিল তদন্ত ঘটনাৰ খবৰ পোৱা পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্তৰ কাম আৰম্ভ কৰে| প্ৰথমে সোধাপোচা কৰি বিভিন্ন জনৰ মন্তব্য গ্ৰহন কৰা পিছতে আৰম্ভ হৈছিল টেকনিকেল কাম সমূহ| মোবাইল ফোনৰ স্থিতিকে ধৰি আন কেতবোৰ তদন্ত সম্পৰ্কীয় কাম ক্ষীপ্ৰ গতিৰে আগবঢ়াইছিল আৰক্ষীয়ে| অতিৰিক্তি আৰক্ষী অধীক্ষক(গৃহ), সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া, নগৰ আৰক্ষী উপ পৰিদৰ্শক লিচুবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া আটাইকেইজন দিনে নিশাই ব্যস্ত হৈ পৰিছিল তদন্তৰ কামত| অৱশ্যে হত্যাকাৰীৰ সন্ধান আৰক্ষীয়ে ৫ চেপ্তেম্বৰৰ দিনৰ ভাগতেই পাইছিল| কিন্তু আৰু কোনো জড়িত আছিল নেকি তাৰ বাবে চোকা হত্যাকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিব লগীয়া হৈছিল| সকলোৰে সন্দেহ আছিল হত্যাকাৰী পলাই যাব বুলি| সেয়ে গাওৰক্ষী বাহিনী সমূহক খবৰ দিয়া হৈছিল ব্যক্তিৰ গতি বিধিৰ ওপৰত চোকা দৃষ্টি ৰাখিবৰ বাবে| অৱশেষত সকলো নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী দিগন্তক|
কি দৰে পলাবলৈ সাজু হৈছিল দিগন্ত  ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ ৫ কিল’মিটাৰ ব্যৱধান আছিল দিগন্তৰ ঘৰলৈ| হত্যাকাণ্ড সংঘটিত কৰি শীতল মগজুৰে নিজৰ ঘৰত উপস্থিত হৈছিল দিগন্ত| ৰাহুলৰ থাণ্ডাৰবাৰ্ড মটৰচাইকেল খন দিগন্তই কাষৰ আন এজন ব্যক্তিৰ ঘৰত ৰাখি আন সামগ্ৰী সমূহ মোবাইল, কেমেৰা আদি নঠি পত্ৰ সমূহ নিজৰ লগত ৰাখে| হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ চকুত ধুলি দিবৰ বাবে ৰাহুলৰ মোবাইলৰ পৰা সকলো তথ্য ডিলিট কৰিছিল দিগন্তই| পৰৱৰ্তী সময়ত মটৰচাইকেল খন লৈ ঘৰৰ পৰা আতৰি যোৱাৰ পৰিকল্পনা কৰিছিল দিগন্তই| কিন্তু ইয়াৰ পূৰ্বেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী দিগন্তক

Leave a Reply

Your email address will not be published. Required fields are marked *