Wednesday , September 23 2020
শেহতীয়া খবৰ

চি আৰ পি এফৰ জোৱান আত্মহত্যা  নিজৰ চাৰ্ভিচ পিষ্টলেৰে

দৈনিক গণঅধিকাৰ, তিনিচুকীয়াঃ তিনিচুকীয়াত কৰ্তব্যৰত এজন চি আৰ পি এফৰ জোৱানে যোৱা নিশা নিজ চাৰ্ভিচ পিষ্টলেৰে আত্মহত্য কৰাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে আত্মহত্য কৰা জোৱান জন তিনিচুকীয়াৰ জৰিগুৰিস্থিত ৬৮ বেটেলিয়ান চি আৰ পি এফৰ কনিষ্টবল আছিল । আত্মহত্য কৰা জোৱানজনৰ নাম অমৃত কুমাৰ বুলি জানিব পৰা গৈছে । কুমাৰৰ ঘৰ বিহাৰত এই জোৱান জন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ তিনিচুকীয়াৰ দুৰ্গাবাৰীস্থিত কাৰ্যালয়ত নিৰাপত্তাৰক্ষী হিচাবে নিয়োজিত হৈ আছিল ।
জোৱানজনে যোৱা নিশা প্ৰসাৱগাৰৰ ভিতৰত নিজা চাৰ্ভিচ পিষ্টলেৰে আত্মহত্য কৰে । আত্মহত্যা কৰা জোৱানজনে এখন আত্মহত্যাৰ নোট লিখি থৈ গৈছে । আত্মহত্যাৰ নোটটোত এই মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰি গৈছে । জোৱানজনে আত্মহত্যা কৰাৰ কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *