Friday , September 25 2020
শেহতীয়া খবৰ

চেচাঁ নৈত সৌৰভৰ মৃতদেহ উদ্ধাৰ :হত্যাৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ 

গণ বাৰ্তা বিশেষ, ডিব্ৰুগড়, ২২ জুন : ডিব্ৰুগড়ৰ লেজাই দেৱানগাঁৱৰ ১৯ জুনৰ পৰা সন্ধানহীন হৈ থকা সৌৰভ দাসৰ মৃতদেহ চেঁচা নৈত এছ ডি আৰ এফৰ অভিযানত উদ্ধাৰ হোৱাৰ পাছতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। দাসৰ মুখমণ্ডলত আঘাতৰ চিন থকালৈ চাই হত্যাকাণ্ডৰ সন্দেহ কৰা কথাষাৰ স্পষ্ট ৰূপত নিশ্চিত হৈ পৰে। উল্লেখ্য যে লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সৌৰভ দাসৰ  লেজাই চেঁচা নৈৰ দলংঘাটৰ মছজিদৰ সমীপৰ নিৱাসী ৰহিমউদ্দিন আলী আৰু মণি বেগমৰ কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। ৰাইজে অভিযোগ কৰা মতে সৌৰভক ৰহিমউদ্দিনৰ পৰিয়ালে ১৯ জুনৰ সন্ধিয়া কৌশলেৰে মাতি নি হত্যা কৰি উক্ত নিশাই সৌৰভৰ বাসগৃহত উপস্থিত হৈ নৈত জঁপিয়াই দিয়া বুলি প্ৰকাশ কৰিছিল। যাৰ ফলত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগিছিল আৰু সৌৰভক বিচাৰি ৰাইজে চলাথ কৰাৰ লগতে আৰক্ষীক অৱগত কৰিছিল । কিন্তু সৌৰভে নৈত জঁপিয়াই দিয়া কথাষাৰ পৰিয়াল তথা ৰাইজে সহজভাৱে ল’ব পৰা নাছিল। তেওঁলোকে সন্দেহ তথা অভিযোগ কৰিছিল– এয়া এক পৰিকল্পিত হত্যাকাণ্ড। সৌৰভৰ স্কুটীখন চেঁচা নৈৰ দলংঘাটত উদ্ধাৰ হোৱাৰ পাছত একাংশ ৰাইজ উত্তেজিত হৈ প্ৰেমিকাগৰাকীৰ গৃহত আক্ৰমণ কৰি ক্ষতিসাধন কৰে। যাৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়।  ইয়াৰোপৰি কিছুসংখ্যক লোকে হত্যাকাৰীৰ ফাঁচিৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পৰিস্থিতি ইমানেই ভয়াৱহ হয় যে অৱশেষত ডিব্ৰুগড় জিলা উপায়ুক্তই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেঁচা তিনিআলিৰ পৰা লেজাই দলংঘাটলৈ সান্ধ্য আইন জাৰি কৰিবলৈ বাধ্য হয়। আনহাতে এছ ডি আৰ এফে ২১ তাৰিখে দিনৰ ১১ বজাত বৰুণডুবিৰ পৰা সৌৰভৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সান্ধ্য আইনৰ মাজতে স্থানীয় ৰাইজ গোট খাই মৃতদেহৰ মুখমণ্ডলত আঘাতৰ চিন দেখা পোৱাৰ পাছত পুনৰ উত্তপ্ত হৈ পৰে পৰিস্থিতি। অৱশেষত ডিব্ৰুগড় আৰক্ষী আৰু জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ ৰাইজক বুজনি দিয়াতহে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম মেডিকেল কলেজলৈ নিবলৈ এৰি দিয়ে ৰাইজে।  মৰণোত্তৰ পৰীক্ষাৰ অন্তত সৌৰভৰ মৃতদেহ স্বগৃহলৈ নি  এক শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰে। বৰ্তমান সমগ্ৰ ডিব্ৰুগড়ত শোকৰ ছাঁ। এই ক্ষেত্ৰত অনুসূচিত জাতি ছাত্ৰ সন্থা ডিব্ৰুগড়, হিন্দু ক্ৰান্তি দল অসমে সৌৰভ হত্যাত ৰহিমউদ্দিন আলীকে ধৰি পৰিয়ালৰ কেইবাজনো লোক জড়িত বুলি অভিযোগ কৰি তেওঁলোকক  ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি দিয়াৰ দাবী জনাইছে। এই হত্যাৰ প্ৰতিবাদত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি, চিকিৎসক ডাঃ সিদ্ধাৰ্থ শৰ্মা, জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আদিয়ে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি দোষীক ক্ষিপ্ৰ তদন্তৰ যোগেদি দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে সৌৰভৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবী জনাইছে। ইতিমধ্যে আৰক্ষীয়ে সৌৰভ দাসৰ হত্যাৰে জড়িত থকাৰ অভিযোগত প্ৰেমিকাৰ পিতৃ ৰহিমউদ্দিন আলী, মাতৃ মণি বেগম আৰু বৰদেউতাক বাহাদুৰ শ্বাহ আলীক গ্ৰেপ্তাৰ কৰিছে। আজি শোকস্তব্ধ ডিব্ৰুগড়ৰ সকলো দোকান-পোহাৰ বন্ধ ৰাখিছে এই হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰি, লগতে সকলোৱে বিচাৰিছে তদন্ত ক্ষিপ্ৰতৰ কৰি দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক।

Leave a Reply

Your email address will not be published. Required fields are marked *