Friday , September 25 2020
শেহতীয়া খবৰ

চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ 

গণ  বার্তা, আমগুৰি , ১৮ আগষ্ট : সম্প্ৰতি কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা জীৱনৰ  প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ চেলেংহাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে এটি সুন্দৰ প্ৰদক্ষেপ।  বৰ্তমান সময়ত পাঠ দান সমূহ বন্ধ তথা ছাত্ৰ ছাত্ৰী আৰু শিক্ষা গুৰু সকলৰ মাজত ব্যৱধান কমি অহাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষই গাঁৱে গাঁৱে গৈ সামাজিক দূৰত্ব ৰাখি ছাত্ৰ ছাত্ৰী সকলক শিক্ষা দানৰ ব্যবস্থা কৰিছে। ইয়াৰ অংশস্বৰূপে আজি মাজুগঞা, কুকুৰাছোৱা আৰু অভয়পুৰীয়া গাঁওৰ অভিভাৱক সকলৰ লগত বিদ্যালয় খনৰ শিক্ষক দেবজিত দুৱাৰা, তৰুণ তামূলী, মায়াশ্ৰী গগৈ সহ এটি দলে কুকুৰাছোৱা নামঘৰত এক আলোচনাত মিলিত হয়। এই আলোচনা মৰ্মে কুকুৰাছোৱা নামঘৰ প্ৰাংগণতেই সামাজিক দূৰত্ব মানি বিদ্যালয় তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। বিদ্যালয় খনৰ এই প্রদক্ষেপত  স্থানীয় ৰাইজ তথা সচেতন অভিভাৱক সকল যথেষ্ট উৎসাহিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *