Friday , September 25 2020
শেহতীয়া খবৰ

চেলেংহাতত শিক্ষক দিৱস পালন, শিক্ষা গুৰুত্ব সম্বৰ্ধনা জ্ঞাপন

গণ বার্তা, আমগুৰি, ০৫ চেপ্তেম্বৰ : আজি সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চেলেংহাটৰ গাভৰু চাহ বাগিছা প্ৰাথমিক বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। গাভৰু ৰেম্বু ক্লাৱৰ উদ্যোগত শিক্ষাবিদ ৰবীন গড়ৰ পৌৰহিত্যত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত চেলেংহাট অঞ্চলৰ বসন্ত পানতাঁতী, বীৰ সিং মাঝি, মুহিকান্ত গগৈ,চিমিয়ন দীম্বু, পুতুল ফুকন, দুৰ্গেশ্বৰ গগৈ, কৃষ্ণকান্ত নায়ক আৰু ৰেবত গগৈকে ধৰি ৮ গৰাকীকৈ কৃতী শিক্ষাবিদক শৰাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *