Monday , September 21 2020
শেহতীয়া খবৰ

চেলেংহাতত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ চমক : পেলনীয়া সমগ্ৰীৰে নিৰ্মাণ কৰিছে বিজ্ঞানৰ মডেল

গণ বাৰ্তা, আমগুৰি ,৩১ আগষ্ট :  যি সময়ত আজিৰ প্ৰায়সংখ্যক কিশোৰ কিশোৰীয়ে মোবাইল গেম খেলি সময় কটাইছে সেই সময়তে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ চেলেংহাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰই পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি চৰ্চা লাভ কৰিছে। ছাত্ৰজনৰ নাম অংকুৰ জ্যোতি বৰা জন্মৰ পৰা চেলেংহাত  কুকুৰাছোৱা গাৱত ককাক আইতাকৰ গৃহত থাকি অধ্যয়ন কৰা অতি দুখীয়া ছাত্ৰ জনে পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে বেটেৰী চালিত নাও, চেলাইলেনৰ বটলৰ পৰা গোবৰ গেছ, পুৰণি বেটেৰীৰ পৰা লাইট, পেলনীয়া সমগ্ৰীৰে ইনভাৰ্টাৰকে আদি কৰি বিভিন্ন সামগ্ৰী। অংকুৰৰ মাতৃ তুলু মনি বৰা আৰু ককাক তুখেশ্বৰ দত্তই আমাক জনোৱা মতে বিদ্যালয়লৈ যাওঁতে হাত খৰছৰ বাবে দিয়া পাছ দহ টকা আৰু কোনোবা আলহী আহিলে হাত খৰছৰ বাবে দিয়া টকাকেইটা জমা কৰি কম মূল্যত ইলেক্ট্ৰনিক দোকানৰ পৰা কিনি অনা পুৰণা সামগ্ৰীৰে কৰি গৈছে তেওঁৰ সৃষ্টি কৰ্ম। ভৱিষ্যতে অভিযন্ত্রা হোৱাৰ হেঁপাহ মনত ৰখা অংকুৰে সুবিধা পালে বৃহৎ কিছু প্ৰকল্প কৰাৰ হেঁপাহৰ কথা আমাক ব্যক্ত কৰে। তেওঁ যোৰহাট জিলাৰ লাহিং, যোৰহাট নগৰকে ধৰি বিভিন্ন স্থানত হোৱা বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি সফলতা লাভ কৰি চেলেংহাত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি বিদ্যালয় বিজ্ঞান শিক্ষক তৰুণ তামূলীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *