Sunday , September 20 2020
শেহতীয়া খবৰ

চৰকাৰী আচনিয়ে ঢুকি নাপোৱা গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়াল

গণ বাৰ্তা বিশেষ, গোলাঘাট, ১৯ আগষ্ট :  কি, কংগ্ৰেছ চৰকাৰ কি ,বি জে পি চৰকাৰ l সকলোৱে ঘোষণা কৰিলে ন, ন, আচনি l কিন্তু চৰকাৰী কোনো আচনিয়ে ঢুকি নাপোৱা এটা পৰিয়ালৰ কৰুণ গাঁথা l মৰঙি মৌজাৰ থুৰামুখ বেবেজিয়াৰ নিবাসী মিণ্টু গগৈ পৰিয়াল l ঘৰৰ মাথোঁ চাৰিটা সদস্য l এই চাৰিওটা সদস্যয়ে বিশেষ ভাবে সক্ষম l ফলত পৰিয়ালটোৰ অৱস্থা একেবাৰে তথৈবচ l দুবেলা দুমুঠি খাবলৈও বহু ভাবিব লাগে তেওঁলোকে।চৰকাৰ আহে আৰু যায় l পঞ্চায়ত সদস্য -, সদস্যাও গাদী পাই এই সকল লোকলৈ চকুৱে নপৰে l কিন্তু নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে সকলোৱে l ভুৱা কিছুমান প্ৰতিশ্ৰুতিয়ে গাদী দখলৰ পিচতেই পাহৰণি গৰ্ভত সকলো l স্থানীয় বিধায়িকা ৰজ্লীনা তিৰ্কীৰো চকুত নপৰিল এই দুৰ্ভগীয়া পৰিয়ালটো । কিন্ত মানৱতা যেন শেষ হৈ যোৱা নাই আজিও l তাৰে নিদৰ্শন দেখুৱাই আজি এই পৰিয়ালটোক সহায়ৰ বাবে ওলাই আহিল অসম জাতীয়তাবাদী যুৱ পৰিষদ আঞ্চালিক জিলা সমিতি l সকলো ফালৰ পৰা নহলেও কিছু সাহায্য আগবঢ়ালে সংগঠনটোৰ বিষয় ববিয়া সকলে l অসম জাতীয়তাবাদী যুৱ পৰিষদ আঞ্চালিক জিলা সমিতিৰ সভাপতি মানৱ গগৈ নেতৃত্বত এটা টিউবেল প্ৰদান কৰে l কিন্তু প্ৰশ্ন হয় ৰাজনৈতিক নেতা গৰাকীৰ কিয় এইবোৰ চকুত নপৰে , নাই দেখিও নেদেখাৰ ভাও ধৰে । l আজি পয্যন্ত এই পৰিয়ালটোৱে স্থানীয় বিধায়ক গৰাকীৰ পৰা কোনো সাহায্য নোপোৱাতো গৰিহণা যোগ্য বুলি উল্লেখ কৰিছে স্থানীয় লোকসকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *