Monday , September 21 2020
শেহতীয়া খবৰ

চৰাইদেউত অস্ত্ৰসহ পাঁচজন দুধৰ্ষ আলফা স্বাধীনৰ কেডাৰ আটক

দৈনিক গণঅধিকাৰ, সাপেখাতীঃ চৰাইদেউ  জিলা স্হিত সেনা আৰু আৰক্ষীৰ অভিযানত  পাচ আলফা কেডাৰ আটক কৰিবলৈ সক্ষম হয়।চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ  চতিয়নাগুৰিৰ টাইৰাই গাঁৱৰ  ভুবন গগৈৰ বাসগৃহত আশ্ৰয় লৈ থকা অৱস্থাত আটক আলফা কেইজনক সাপেখাতীস্হিত ২৪৪ ফিল্ড ৰেজিমেণ্টৰ সেনা আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিশা অভিযান চলাই আটক কৰিলে পাচজনকৈ আলফাক।আটকাধীন আলফা কেইজন হল চাৰ্জেণ্ট মেজৰ অপূৰ্ব গগৈ ওৰফে আৰোহণ অসম,সীমান্ত গগৈ ওৰফে মাইনা,বিৰাজ অসম ওৰফে যোগেন গগৈ,লক্ষ্যজিত গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্বাৰ্থ গগৈ ওৰফে চিন্ময় অসম।আটক কৰা আলফা কেইজনৰ পৰা তিনিটা এম কিউ ৮১ ৰাইফল ,এম কিউ ৮১ ৰ ৮ টা মেগজিন,৩২৩ ৰাউণ্ড গুলী,ৰাচিয়াত নিৰ্মিত ৭.৬৫ মেগজিনসহ এটা পিষ্টল,পইণ্ট ২২ ৰ মেগজিন দুটা গুলীসহ এটা পিষ্টল,বিস্ফোৰক সামগ্ৰী দুই কিলোগ্ৰাম,কৰডেস্ক তিনি মিটাৰ দৈঘ্যৰ সাত টুকুৰা,ডিটেনটৰ ১৬ ডালৰ লগতে বিভিন্ন আপত্তি জনক নথিপত্ৰ উদ্ধাৰ কৰিছে।
ইয়াৰে অপূৰ্ব গগৈ আৰু সীমান্ত গগৈ দুধৰ্ষ আলফা কেডাৰ ৰূপে চিনাক্ত কৰা হৈছে।আনহাতে সীমান্ত গগৈক বোমা বিশেষজ্ঞ বুলি আৰক্ষীৰ সূত্ৰে জানিব দিছে।এই দুই গৰাকী দুধৰ্ষ আলফা সদস্য বিগত ২০১২ চনৰ পৰা শিৱসাগৰ আৰু চৰাইদেও জিলাত সংঘটিত বহু কূটাঘাত-অপকৰ্মৰ সৈতে জড়িত আছিল।অপহৰণ,হত্যা, ধনদাবী আদি বিভিন্ন ঘটনাৰ সৈতে জড়িত এই দুই সদস্য কানুবাৰী চাহ বাগান গুলি চালনা,সাপেখাতী পেট্ৰল পাম্প গুলী চালনা ঘটনা,, টিমনবাৰী চাহ বাগানৰ প্ৰৱন্ধক অপহৰণ ঘটনা আৰু শেহতীয়াকৈ গণতন্ত্ৰ দিৱসৰ দিনা সোণাৰী থানাৰ অন্তৰ্গত টিয়কঘাট বোমা বিস্ফোৰণ ঘটনাৰ লগত জড়িত আছিল বুলি চৰাইদেউ জিলা আৰক্ষীয়ে সদৰি কৰিছে।আশ্ৰয় প্ৰদান কৰা ঘৰৰ মুৰব্বী ভুবন গগৈৰ লগতে পাঁচ আলফা সদস্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে।লগতে এই সকলোকে কভিড ১৯ ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ছেনিটাইজেশ্বন কৰাৰ লগতে থাৰ্মেল পৰীক্ষা তথা কভিড ১৯ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষী মহলে জানিব দিছে।আনহাতে অপূৰ্ব গগৈৰ পিতৃ মাতৃ য়ে জনোৱা মতে পাচজন আলফা কেডৰে আত্মসমৰ্পণ হে কৰা বুলি অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *