Friday , September 25 2020
শেহতীয়া খবৰ

চৰাইদেউৰ সাপেখাতীৰ এজন যুৱকৰ কৰুন বিননি ৷ জটিলৰোগত আক্রান্ত হৈ চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমানৰ ধন।

গণ বাৰ্তা ,সাপেখাতী ৩০ আগষ্ট : চৰাইদেউ জিলাৰ সাপেখাতীৰ ধুনীয়াপথাৰ গাৱৰ নিৰ্বাসী ভূৱন চেতিয়া আৰু আইটি চেতিয়াৰ জ্যেষ্ঠ পুত্ৰ সোনাৰাম চেতিয়া(৪১) বিগত ২ বছৰৰ ধৰি লিভাৰৰ জটিল ৰোগত ভুগি আছে ৷ ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয় তথা চেন্নাই চিকিৎসা কৰা সময়ত তেখেতৰ লিভাৰ সম্পূৰ্ণৰূপে নষ্ট হৈছে বুলি চিকিৎসকে জানিবলৈ দিছে আৰু খুৱ কম সময়ৰ ভিতৰতে নতুনকৈ লিভাৰ সংস্হাপন কৰিবৰ বাবে পৰামৰ্শ দিছে , যাৰ বাবে খৰছ হব অতি কমেও ৩৫ ৰ পৰা ৪০ লাখ টকা ৷ কিন্তু অতি দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ বাবদ হব লগীয়া খৰছৰ কথা শুনাৰ লগে লগে এতিয়া যেন মূৰৰ ওপৰত সৰগ ভাগি পৰিছে পৰিয়ালটোৰ ওপৰত৷ ব্যক্তিজনৰ পৰিয়ালটিত নিজৰ বৃদ্ধ পিতৃ মাতৃৰ লগতে পত্নী আৰু এজনী কণমানি ৬ বছৰীয়া কন্যা সন্তান আছে ৷ কম দিনৰ ভিতৰতে দিল্লীত চিকিৎসাৰ বাবে যাবলগীয়া ব্যক্তিজনে এনে দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰিবলৈ প্ৰাৰ্থনা জনাইছে ৷ ইতিমধ্যে তেখেতৰ ৰোগৰ খবৰ পোৱাৰ পাছতে সমাজকর্মী ধৰ্মেশ্বৰ কোৱঁৰে সোনাৰাম চেতিয়াৰ গৃহত উপস্থিত হৈ আৰ্থিক সহযোগিতা আগবঢ়াছে ।আৰু কোনোবা যদি সদাশয় লোকে স্ব ইচ্ছাৰে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিছাৰে তেন্তে তলত দিয়া ঠিকনাত আৰ্থিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে  :

SBI ৰ Account Number : 38759625167
IFS Code : SBIN0013257

Phone Number : 7896746760

Leave a Reply

Your email address will not be published. Required fields are marked *