Sunday , September 20 2020
শেহতীয়া খবৰ

চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ আৰু আন্তঃ গাঁথনি উন্নয়নৰ দাবীত অৱস্থান ধৰ্মঘট চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ 

গণ বাৰ্তা চৰাইদেউ, ১১ আগষ্ট :  নৱগঠিত চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ আৰু আন্তঃ গাঁথনি উন্নয়নৰ দাবীত সৰৱ হৈ উঠিছে চৰাইদেউ মহকুমা ছাত্ৰ সন্থা। জিলাখনৰ আন্তঃ গাঁথনি উন্নয়ন তথা বিভিন্ন সমস্যা সমাধানৰ দাবীত বাৰম্বাৰ আবেদন -নিবেদন কৰাৰ পাছতো চৰকাৰে কোনো ধৰনৰ গুৰুত্ব নিদিয়াত আজি সোণাৰিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই। সোণাৰিৰ লাচিত উদ্যানত মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰি একেমুখে দাবী জনালে চৰাইদেউ জিলাৰ আন্তঃ গাঁথনি উন্নয়ন তথা জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ। মনকৰিবলগীয়া যে অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম মহকুমা চৰাইদেউক ২০১৫ বৰ্ষতে জিলা ঘোষণা কৰা হ’ল যদিও আজিলৈকে পূৰ্ণতা নাপালে নৱগঠিত জিলাখনে। সেই সময়ৰ সোণাৰি সমষ্টিৰ কংগ্ৰেছী  বিধায়ক শৰৎ বৰকটকীৰ তৎপৰতাত অপৰিকল্পিত তথা  আন্তঃগাঁথনি উন্নয়ন নকৰাকৈ  চৰাইদেউ জিলা ঘোষণা কৰা হ’ল যদিও আজিলৈকে এখন জিলাৰ বাবে আৱশ্যকীয় আন্তঃগাঁথনিৰ উন্নয়ন কৰা পৰিলক্ষিত নহ’ল। জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় জিলা ঘোষণা কৰা সময়তে স্থাপন কৰাৰ পাছত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টোকে জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ উন্নীতকৰণ আৰু পৰিবহন বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ বিপৰীতে আন কোনো ধৰনৰ জিলা পৰ্যায়ৰ কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম নহ’ল সেই সময়ৰ কংগ্ৰেছ তথা ২০১৬ চনত শাসনৰ জৰী নিজৰ হাতলৈ অনা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখন। আনকি সবকা সাথ সবকা বিকাশ ধ্বনি দিয়া চৰকাৰখনৰ শাসনৰ সময়ছোৱাত জিলা সদৰ সোণাৰিৰপৰা নামতোলালৈ অতি ব্যস্ত তথা গুৰুত্বপূৰ্ণ পথছোৱাৰ উন্নয়ন সাধন কৰিব নোৱাৰা কাৰ্যই আছলতে চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দেখুৱাইছে। ইফালে ২০১৫ বৰ্ষতে ৰাজনৈতিক লাভালাভৰ বাবেই চৰাইদেউক জিলা ঘোষণা কৰা হ’ল যদিও আজিলৈকে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহ’ল অসম চৰকাৰ। যাৰ ফলত এতিয়া একাংশ লোক বিপাঙত পৰিব লগীয়া হৈছে জিলাকেন্দ্ৰীক কথাক লৈ। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া হাৰাশাস্তি ভুগিছে জিলাবাসীয়ে। আনহাতে জিলাখনৰ আন বহু সমস্যাৰ লগতে মূল পথ ধোদৰ আলি, নাহৰ আলিৰ লগতে সোণাৰিৰ পৰা মৰাণ, সোণাৰি -ৰাজগড় পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে চৰাইদেউবাসীক। ইপিনে দলিলৰ নাটনিৰ বাবেও ব্যাপক সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। যাৰ বাবে এই সমস্যাসমূহ অতিশীঘ্ৰেই সমাধানৰ দাবী জনাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ কৰ্মীসকলে। ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মাণিক গগৈয়ে কয় যে চৰাইদেউ জিলাৰ আন্তঃগাঁথনি উন্নয়ন তথা সমস্যা সমাধানৰ বাবে  ইতিমধ্যে কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল যদিও ৰজাঘৰে বিশেষ গুৰুত্ব প্ৰদান নকৰিলে। যাৰ ফলত আজিৰ কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে সংবাদ মাধ্যমৰ আগত।

Leave a Reply

Your email address will not be published. Required fields are marked *