Friday , September 25 2020
শেহতীয়া খবৰ

চৰাইদেওৰ সাপেখাতীত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিন্দ্ৰা স্ক’পিঅ’ আৰু মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ

গণ বাৰ্তা ,সাপেখাতী , ২৫ আগষ্ট :  চৰাইদেউ জিলাৰ সাপেখাতী থানাৰ অন্তৰ্গত  সাপেখাতীৰ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাই পথত আজি  এক ভয়ংকৰ পথ দুৰ্ঘটনা  সংঘটিত হয়  । জানিব পৰা মতে কানুবাৰীৰ  পৰা ডিব্ৰুগড় অভিমুখে আহি থকা মহিন্দ্ৰা স্ক’পিঅ’ আৰু  সাপেখাতীলৈ গৈ থকা মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ সৃষ্টি হয় । আৰু  লগে লগে দুৰ্ঘটনা সংঘটিত কৰি এ আৰ , ০১ এল -৪৩৪৯  মহেন্দ্ৰ স্ক’পিঅ’ খনে কৰি পলায়ন কৰে ।
সংঘৰ্ষৰ ফলত ভানত যোৱা  ৪ বছৰীয়া শিশু সহ সাত গৰাকী কৈ যাত্ৰী গুৰুতৰভাৱে আহত  হয় । দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত ব্যক্তি সকল হল প্ৰিয়ানজিৎ গগৈ (৪) , পুলিন বৰগোহাঁই (৩৭) বন্দনা গগৈ (৪৫), ললিতা গগৈ (৫৫) , নিজৰা গগৈ (২৯) , সুনিমা বৰুৱা (৫০) আৰু গীতালি বৰুৱা (৩৪) । আটাইয়ে সাপেখাতী ৰহনৰ পৰা এ এছ , ০৪ ভি -৪৬০২ মাৰুতি ভানত  সাপেখাতী বাৰে গাঁৱৰ এক মাঙ্গলিক অনুষ্ঠানলৈ ৫২ নং বি ৰাষ্ট্ৰীয় ঘাই পথে গৈ থকা অৱস্থাতে গুদাম চাৰিআলিৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় ৰাইজৰ তৎপৰতাত আহত আটাইকে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰন কৰে ।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা স্কপিঅ’ খন ইতিমধ্যে সাপেখাতী আৰক্ষীৰ তৎপৰতাত ডিব্ৰুগড় জিলাৰ ৰাজগড় আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । অন্যহাতে  ৫২ নং বি ৰাষ্ট্ৰীয় ঘাই পথটোৰ অতি লেহেমীয়া গতিৰে নিৰ্মাণ কৰি থকাৰ বাবে  পথটোত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে আৰু দুৰ্ঘটনা হোৱাৰ আশংকা কৰাৰ লগতে  ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণে সোনকালে পথটো নিৰ্মাণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *