ছিপাঝাৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান

গণ বাৰ্তা , দুমুনিচকী ২৩ ডিচেম্বৰঃ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদৰ অধীনৰ ছিপাঝাৰ খণ্ড আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাৰ পূৰ্বে সংশ্লিষ্ট বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ডেকাই বিশিষ্ট গণিতজ্ঞ আৰ্যভট্ট ৰ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত হয় ক্ৰমে আকস্মিক বক্তৃতা, চিত্ৰাংকন , উদ্ভাৱনী ধাৰণা , বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা । আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসীম জ্যোতি শৰ্মা (লেঙেৰীয়াঝৰ কৃষক হাইস্কুল ) , দ্বিতীয় স্থান লাভ কৰে জ্যোতিষ মান শইকীয়া (দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু তৃতীয় স্থান পায় পিং কু বৰা (ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ)। চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠৰ ছাত্ৰ ক্ৰমে সঞ্জয় কুমাৰ নাথ আৰু প্ৰাণকৃষ্ণ নাথ আৰু তৃতীয় স্থান লাভ কৰে ছিপাঝাৰ অকাডেমিৰ জয়াৰী দেৱীয়ে। উদ্ভাৱনী ধাৰণা প্ৰতিযোগিতাত প্ৰথম স্থান জাতীয় বিদ্যালয় হাজৰিকা পাৰা ৰ অনিৰুদ্ধ ডেকা, দিতীয় স্থান লাভ কৰে দেও মৰ নৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিনা মানি ডেকা আৰু তৃতীয় স্থান লাভ কৰে জতীয় বিদ্যালয় হাজৰিকা পাৰা ৰ দেবাংগ ডেকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *