Friday , September 25 2020
শেহতীয়া খবৰ

জকাই ১নং মহমাৰীৰ পথত ভূই ৰুই ৰাইজৰ প্ৰতিবাদ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড় ১৩ আগষ্ট : ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অধীনস্থ বৰবৰুৱা উন্নয়ন খণ্ডৰ ৫নং জকাই গাওঁ পঞ্চায়তৰ এলেকাধীন জকাই ১নং মহমাৰী গাওঁ খনৰ শোচনীয় পথটোৰ দুৰৱস্থাৰ বাবে একাঠু বোকা পানীৰে উপচি পৰিছে। স্থানীয় ১নং মহমাৰীৰ ৰাইজে ইতিমধ্য শোচনীয় দুৰৱস্থাময় পথটোৰ একাঠু বোকাত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখ যে, স্থানীয় ৰাইজৰ সৈতে স্বয়ং শাসকীয় বিজেপি দলৰ একাংশ জকাই মহমাৰীৰ কৰ্মকৰ্তাই পথটোৰ উন্নয়নৰ দাবীত প্ৰতিবাদ জনাইছে ।বিজেপি কৰ্মী সকলে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু অসম চৰকাৰৰ বিভাগীয় গড়কাপ্টানি মন্ত্ৰীক জকাই ১নং মহমাৰী পথটোৰ উন্নয়নৰ দাবী জনাইছে। পৰিতাপৰ বিষয়, ১৫০বছৰীয়া জকাই ১নং মহমাৰী গাওঁৰ একমাত্ৰ পথটোৰ দুৰৱস্থাই দীৰ্ঘকাল ধৰি ৰাইজক যমৰ যান্ত্ৰনা ভোগাই আহিছে ।বিগত কং(ই) চৰকাৰৰ ১৫বছৰীয়া শাসনকালতো প্ৰাক্তন লাহোৱালৰ বিধায়ক গৰাকীয়ে এই গাওঁ পথৰ উন্নয়নত গুৰুত্ব দিয়া নাছিল বুলিও চৰ্চিত হৈছে ।আনহাতে বৰ্তমানৰ লাহোৱাল সমষ্টিৰ বিধায়ক জনেও জকাই ১নং মহমাৰী গাওঁ খন একেবাৰে পৰিদৰ্শন নকৰা বুলি ৰাইজে ক্ষোভ উজাৰিছে।আনকি ১নং মহমাৰী বহু পৰিয়াল আজিকোপতি বিদ্যুৎ পোহৰৰ সংযোগৰ পৰা বঞ্চিত হৈ আহিছে।জকাই মহমাৰী অঞ্চলৰ শাসকীয় বিজেপি দলৰ একাংশ নিষ্ঠাবান কৰ্মীয়ে ১নং মহমাৰীৰ পথ আৰু বিজুলী পোহৰৰ সংযোগী কৰণৰ শীঘ্ৰে যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে লাহোৱালৰ বিধায়ক গৰাকীক দাবী জনাইছে।

( ৰশ্মিৰেখা সাউদ কলিতা । )

Leave a Reply

Your email address will not be published. Required fields are marked *