শেহতীয়া খবৰ

জাগীৰোডত বানৰ সংহাৰী ৰূপঃ বানত পবিতৰা অভয়াৰন্যত গড়ৰ মৃত্যু

গণ বাৰ্তা, জাগীৰোড, ২৯ জুন ঃ সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো সংহাৰী ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বলিয়া বানে। বানৰ কবলত পৰিছে মায়ং ৰাজহ চক্ৰৰ প্ৰায় শতাধিক গাঁও।জাগীৰোড সমষ্টিৰ মনহা, ঝাৰগাঁও, মদনবড়ী, বৰমপুৰ, বেলগুৰি, হাতীউঠা খোলাগাঁও আদি কেইবাখনো গাঁৱৰ পথৰ ওপৰেদি বাগৰিছে পানী। কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে ৰাজহ চক্ৰটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি। যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত। দৈনিক বানত প্লাৱিত হৈছে ন ন অঞ্চল। বাঢ়নী পানীত কেউফালে সাগৰসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই। বানৰ বাবে পশুখাদ্যৰ বাবেও সংকটত পৰিছে এতিয়া বানাক্ৰান্ত। বানত সৰ্বস্বান্ত বন্যাৰ্তই পথ আৰু মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছে। দুবেলা-দুমুঠি অন্নৰ বাবে হাবাথুৰি খাবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইফালে ৯০ শতাংশ বানৰ কবলত পৰিছে। বানত বুৰ গৈছে অভয়াৰণ্যখনৰ পাগলাডুবা, নলতলী, হাঁহচৰা, কুক্কাৰি, ধলী আৰু বকুলজানৰ লগতে বহুকেইটা বন শিবিৰ। ওখ স্থানলৈ ঢাপলি মেলিছে অভয়াৰণ্যখনৰ বন্য জীৱ-জন্তুসমূহ। অভয়াৰণ্যখনৰ কেউফালে পানীৰে উপচি পৰাত খাদ্যৰ সংকটত পৰিছে অভয়াৰণ্যখনৰ বন্য জীৱ। আজি পবিতৰা অভয়াৰণ্যত উদ্ধাৰ হয় এটা মাইকী গঁড়ৰ মৃতদেহ। পবিতৰা অভয়াৰণ্যৰ টুপলুং বন শিবিৰ এলেকাত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহটো । চলিত বানত ডুবি গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ। ইতিমধ্যে বন বিভাগে মৃত গঁড়টোক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *