Home Main Stories জিএমচিএইছৰ পাৰ্কিঙত নিৰ্মাণ হ’ব ২০০ আইচিইউ

জিএমচিএইছৰ পাৰ্কিঙত নিৰ্মাণ হ’ব ২০০ আইচিইউ

17
0

কোভিড ৱাৰ্ড পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ মে’ :  কোৰোনা মহামাৰীয়ে দেশৰ লগতে ৰাজ্যতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতিমুহূৰ্তত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। সমান্তৰালভাৱে দৈনিক মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে। কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচত উপস্থিত হৈ ক’ভিড পৰিস্থিতি সন্দৰ্ভতপৰ্যালোচনা কৰে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে জিএমচিএইচত বৰ্তমান ১২৭খন আইচিইউ বেড আছে।

ক’ভিডৰ বাবে ৫৬ খন আইচিইউ বিছনা নিৰ্মাণৰ কাম চলি আছে। তেওঁ লগতে কয় যে ক’ভিডৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিএমচিএইচৰ পাৰ্কিঙত নিৰ্মাণ কৰা হ’ব ২০০ খন আইচিইউ বিছনা। একেদৰে কালাপাহাৰৰ ক’ভিড হাস্পতালত আৰু নতুনকৈ ২৪খন আইচিইউ বেডৰ কাম চলি আছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰি কয় যে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ ৩২ খন আইচিইউ বেড, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ৬০ খন আইচিইউ বেডৰ কাম আৰম্ভ হোৱাৰ লগতে যোৰহাটত আইচিইউ বেডৰ কাম সম্পূৰ্ণ হৈছে। বৰ্তমান অক্সিজেন বেডৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নগাঁৱৰ হিন্দুস্তান কাগছ কল হাস্পতালত ৬০খন অক্সিজেন বেড, এমএমচি হাস্পতালত ৭২খন অক্সিজেন বেড, মইনাখোৰোং মডেল হাস্পতালত ৮০খন অক্সিজেন বেড, পলাশবাৰীৰ পতঞ্জলিত ১২০খন অক্সিজেন বেডৰ কাম আৰম্ভ হৈছে। আনহাতে ডাউন টাউন ইউনিভাৰছিটীৰ পেৰামেডিকেল ইনষ্টিটিউটখন সম্পূৰ্ণৰূপে ক’ভিড হাস্পতাল হিচাপে ৰূপ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত ইনষ্টিটিউটখনত ৪০০খনকৈ বেড থাকিব।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমানলৈকে বিশেষ নাটনি হোৱা নাই। গুৱাহাটী মহানগৰীত যোৱা ৩-৪ দিন ধৰি ১,৫০০তকৈ তলত কোৰোনা ৰোগী ধৰা পৰিছে। কন্টেইনমেন্ট জ’ন আৰম্ভ হোৱাৰ পিছত মহানগৰীত কোৰোনা ৰোগীৰ সংখ্যা হ্ৰাস পাব। ইপিনে বহিঃৰাজ্যৰ পৰা অহা লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। সেয়েহে বিমানযাত্ৰীৰ সন্দৰ্ভত নতুনকৈএছঅ’পি প্ৰকাশ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here