শেহতীয়া খবৰ

জুনৰ মাহৰ শেষত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল

দৈনিক গণঅধিকাৰঃ বিশ্বজুৰি চলি থকা কোৰোনা আতংকৰ বাবেই ভাৰত বৰ্ষকে ধৰি বিশ্বৰ প্ৰায়সমূহ দেশৰে শিক্ষা ব্যৱস্থাত দেখা দিয়া জটিলতাৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্থৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল। আজি তাৰিখত চাবলৈ গ’লে ভাৰতৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষাবৰ্ডকে ধৰি বহু বোৰেই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চুড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাত বহু ছাত্ৰ-ছাত্ৰীচেয় অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে।

অৱশ্যে এই ক্ষেত্ৰত অসমে এক যুগান্তকাৰী তথা দৃষ্টি নিক্ষেপ কৰিবলীগয়া কাৰ্য্য হাতত লৈছে বুলি কব পাৰি, কাৰণ যি সময়ত ভাৰতবৰ্ষৰ শিক্ষাৰ্থীয়ে ছি বি এছ ই কে ধৰি আনবোৰ ৰাজ্যৰ পৰীক্ষা বৰ্ডক জুলাই মাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক চুড়ান্ত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিব লগা হৈছে সেই সময়ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত সফলতাৰে পৰীক্ষা অনুষ্ঠিত কৰি আগন্তুক জুন মাহৰ ভিতৰত ফলাফল সমূহ ঘোষণা কৰিব ওলোৱাটো শিক্ষাৰ্থী অভিভাৱক তথা ৰাজ্যখনৰ বাবে এক উল্লেখ যোগ্য সফলতা বুলিব পাৰি।

এই সন্দৰ্ভত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে জানিবলৈ দি কয় যে ২০১৮ চনলৈকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমূহ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ অনুষ্ঠিত হৈছিল। (প্ৰায় আঢ়ৈ মাহ)। কিন্তু ২০১৯চনত তেখেতে কাৰ্য্যভাৰ লৈয়ে এই পৰীক্ষা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈকে অনুষ্ঠিত কৰাৰ ফল স্বৰূপে অতিৰিক্ত সময় ৰাহি কৰি ২০২০ চনৰ ক্ষেত্ৰটো একেই এমাহৰ ভিতৰতেই পৰীক্ষা সমূহ অনুষ্ঠিত হোৱাৰ ফলস্বৰূপে জুন মাহৰ ভিতৰত ফলাফল সমূহ ঘোষণা কৰিব পৰা যাব।

অহা ছেপ্টেম্বৰ মাহৰ এক তাৰিখৰ পৰা হে ভাৰতৰ অন্য ৰাজ্যসমূহত প্ৰথম বষৰ্থৰ শিক্ষাবৰ্ষ আৰম্ভ হ’ব। সেয়ে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক স্থিতিত থাকিব বুলি উল্লেখ কৰে। লগতে জনায় যে, ইয়াৰ জৰিয়তে আজি ইমান বছৰে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান হৈছে। উল্লেখযোগ্য যে ২০১৯ চনৰ আগলৈকে সংসদে সময়মতে ফলাফল সমূহ ঘোষণা কৰিব নোৱাৰা কাৰণে ভাৰতৰ অন্যান্য আগশাৰী শিক্ষানুষ্ঠান সমূহত নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছিল, কিন্তু ২০১৯ চনৰ পৰা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰচেস্তাৰ ফলত এই সমস্যাৰ ওৰ পৰাৰ সমান্তৰালকৈ অন্য ৰাজ্যই পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়তেই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল প্ৰকাশৰ যোযা কৰাটো শিক্ষাখণ্ডৰ বাবেই সুন্দৰ পদক্ষেপ বুলিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *