Monday , September 21 2020
শেহতীয়া খবৰ

জুৰীয়া বজাৰত পুণৰ দুটাকৈ অগ্নিকাণ্ড

দৈনিক গণঅধিকাৰ, চিলঙণীঃ সম্প্ৰতি লক ডাইন চলি থকাৰ সময়তে এটা সপ্তাহতে নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হয় দ্বিতীয়টো বৄহৎ অগ্নিকাণ্ডৰ ঘটন! আজি বুধবাৰে পুৱতি নিশা একে সময়তে পঞ্চাছ মিটাৰ ব্যৱধানত জুৰীয়া বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূর্ণৰূপে জুইত ভষ্মীভূত হয় ! সৌভাগ্যক্ৰমে কাষতে থকা কেৰাচিন তেলৰ ডিপুখন জুইয়ে স্পৰ্শ কৰিব নোৱাৰাত কথমপি জুৰীয়া বজাৰখন অধিক ভয়াৱহতাৰ পৰা ৰক্ষা পৰে !

এনে অগ্নিকাণ্ডৰ ফলত প্ৰায় পচিশ লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয় ! ঘটনাৰ খবৰ পাই জুৰীয়া থানাৰ আৰক্ষীৰ সহযোগত নগাঁও টাউনৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি জুই নিয়ন্ত্ৰণ কৰে ! উল্লেখ্য যে , যোৱা ১১ এপ্ৰিলৰ নিশাও জুৰীয়া বজাৰত সংঘটিত হােৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৮ খন দোকান জুইত জাহ গৈছিল ! এনেকৈ এটা সপ্তাহৰ ভিতৰত জুৰীয়া বজাৰত দুবাৰকৈ অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাই যথেষ্ট ৰহস্যৰ সৄষ্টি কৰিছে ! তদুপৰি জুৰীয়াৰ সুতিৰপাৰৰ এখন ব্ৰয়লাৰ ফাৰ্মত জুই লগাৰ ফলত বহু সংখ্যক ব্ৰয়লাৰৰ ক্ষতি সাধন হয়! বৄহত্তৰ জুৰীয়া অঞ্চলত এখন অগ্নি নিৰ্বাপন বাহিনী স্হাপনৰ দাবী জনাইছে সচেতন মহলে !

Leave a Reply

Your email address will not be published. Required fields are marked *