শেহতীয়া খবৰ

জেঠৰ পহিলা বানত ১১খন জিলা প্ৰভাৱিত, বিপদসীমাৰ ওপৰেৰে বৈছে জীয়াভৰলী-ব্ৰহ্মপুত্ৰৰ পানী

২১ ৰাজহ চক্ৰৰ ৩২১খন গাঁও পানীৰ তলত

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছ মহামাৰীৰ আতংকৰ মাজতেই ৰাজ্যত আৰম্ভ হৈছে প্ৰলয়ংকৰী বানৰ সংহাৰ। জেঠ মাহৰ পহিলা বানতেই ৰাজ্যৰ চৌদিশে এতিয়া আতংকময় পৰিৱেশ। চৌদিশে কেৱল পানী আৰু পানী। প্ৰলয়ংকৰী বানে মুহূৰ্তৰ ভিতৰতে উটুৱাই নিছে বৃহৎ বৃহৎ পকী দলং কিম্বা মথাউৰি। ভয়াৱহ বানত উজনীৰ পৰা নামনিলৈকে এতিয়া এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যৰ ১১খনকৈ জিলা বানৰ কবলত পৰিছে। ধেমাজি, লখিমপুৰ, নগাঁও, হোজাই, দৰং, বৰপেটা, নলবাৰী, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বানৰ কবলত পৰিছে। জীয়াভৰলী আৰু ব্ৰক্ষ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে ব’বলৈ আৰম্ভ কৰাত ১১খন জিলা প্লাৱিত হৈছে বানত। এই ১১খন জিলাৰ ৩২১খন গাঁও পানীৰ তলত আছে। অৰ্থাৎ বানত বুৰ গৈছে ১১খনকৈ জিলাৰ ৩২১খন গাঁও।

ধেমাজিৰ ১৮খন গাঁও বানত প্লাৱিত হোৱাৰ বিপৰীতে লখিমপুৰৰ তিনিখন, নগাঁৱৰ ২১খন, হোজাইৰ ৯খন, দৰঙৰ ২৩খন, বৰপেটাৰ দুখন, নলবাৰীৰ ২৬খন, গোৱালপাৰাত ১৭২খন, পশ্চিম কাৰ্বি আংলঙৰ ১৭. ডিব্ৰুগড়ত ৬খন আৰু তিনিচুকীয়াৰ ২৪খন গাঁও বানৰ কবলত পৰিছে। এই প্ৰলয়ংকৰী বানত ২৬৭৮ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দিয়া তথ্য অনুসৰি সংহাৰী বানত ধেমাজী ৪১০ হেক্টৰ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে লখিমপুৰত ২৮৭ হেক্টৰ, নগাঁও ১০৫০ হেক্টৰ, হোজাইত ২৫০ হেক্টৰ, নলবাৰীত ১৯৯ হেক্টৰ, গোৱালপাৰাত ২৫১ হেক্টৰ, ডিব্ৰুগড়ত ২৩১ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে।

জে’ঠৰ প্ৰথমটো বানত আক্ৰান্ত হৈছে ৰাজ্যত ২,৭১,৬৫৫জন লোক। গোৱালপাৰাত সৰ্বাধিক ২,১৫,৪৭৬ জন বানত আক্ৰান্ত হৈছে। তথ্য অনুসৰি ধেমাজিত ৫৯৮, লখিমপুৰত ২,৯৭০জন, নগাঁৱত ১০৭৭০, হোজাই ৩৬১, দিৰঙত ১৬৮৫জন, বৰপেটা ৫০০, নলবাৰীত ২২,৩৩২, গোৱালপাৰাত ২,১৫,৪৭৬ জন, পশ্চিম কাৰ্বি আংলং ৩৮৬২, ডিব্ৰুগড়ত ৭,৮৯৭ আৰু তিনিচুকীয়াত ৫,২০৪জন লোক আক্ৰান্ত হৈছে বানত। বানত আক্ৰান্তসকলৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫৭টা শিবিৰ স্থাপন কৰা হৈছে। ৰাজ্যৰ কেবাটাও স্থানত ইতিমধ্যে মথাউৰি ছিগি যোৱাৰ লগতে কেবাটাও দলং উটুৱাই নিছে প্ৰলয়ংকৰী বানে। মূলতঃ প্ৰলয়ংকৰী বানে উজনিৰ পৰা নামনিলৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে। চৌদিশে হাহাকাৰ পৰিৱেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *