Friday , September 25 2020
শেহতীয়া খবৰ

জোনাইত হাগ্ৰামা, চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ,, সংযুক্ত বড়ো গণ মঞ্চৰ

গণ বার্তা, ধেমাজি ,৩ ছেপ্টেম্বৰ :   জোনাইত বুধবাৰে সংযুক্ত বড়ো গণ মঞ্চৰ উদ্যোগত বি পি এফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কৰে। বি টি এ ডি ৰ বাহিৰৰ বড়োসকল ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ সংযুক্ত বড়ো গণ মঞ্চৰ দীৰ্ঘ দিনৰ পৰা দাবী কৰি অহা বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বিল বিধানসভা উত্থাপন কৰাত বিধি পথালি দিয়া অভিযোগত আজি সংযুক্ত বড়ো গণ মঞ্চৰ উদ্যোগত বি টি এ ডিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কৰে। জোনাই উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিমূৰ্তি দাহ কৰি সংযুক্ত বড়ো গণতান্ত্ৰিক মঞ্চৰ আন্দোলন কাৰীসকলে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, চন্দন ব্ৰহ্ম মুৰ্দাবাদ, বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ লাগিব, বি পি এফ গ’বেক আদি শ্লগানেৰে ৰাজপথত উত্তাল পৰিবেশ সৃষ্টি কৰে।
২০০৩ চনৰ পৰা বিটিএডি শাসন কৰি অহা বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে অসমৰ প্ৰতিটো বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ অসমৰ বড়ো ভোটাৰকলৈ ৰাজনৈতিক দৰদাম কৰি মুনাফা লুটি আহিছে বুলি কৈ হাগ্ৰামা মহিলাৰী এগৰাকী অসমৰ ৰাজনৈতিক বেপাৰী বুলিও কটাক্ষ কৰে ইউবিপিঅৰ নেতৃত্বই।দশক দশক কাল ধৰি বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণই বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ অহা পৰিস্থিতিক অনুধাৱন কৰিব নোৱৰা বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী, বিপিএফ দলৰ শীৰ্ষ নেতা, অসম চৰকাৰৰ ভৈয়াম জনজাতি উনয়ন মন্ত্ৰী চন্দন ব্ৰহ্মক বিটিএডি বাহিৰৰ বড়ো ৰাইজৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ষড়যন্ৰ ৰচনা কৰাটো বড়ো জাতিৰ বাবে দুৰ্ভাগ্যজনক বুলি কৈ এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি
মনোৰঞ্জন বসুমতাৰীয়ে। ( ধেমাজিৰ পৰা জ্যোতি ৰঞ্জন গগৈ  )

Leave a Reply

Your email address will not be published. Required fields are marked *