শেহতীয়া খবৰ

জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ দেহাৱসান, দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত শেষ নিশ্বাস

সাংবাদিকতাৰ লগতে ব্যংগ সাহিত্যৰে অসমীয়া জাতিক বহুমূলীয়া অৱদান

দৈনিক গনঅধিকাৰ, গুৱাহাটীঃ অসমৰ সংবাদ জগতখনত অন্যতম জ্যেষ্ঠ সাংবাদিক তথা ‘অসমীয়া খবৰ’ৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক মোজাহিদুল হকৰ আজি পুৱা প্ৰায় ৪ বজাত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত ভূগি থকা মোজাহিদুল হক দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি মৃত্যুৰে যুঁজি যুঁজি শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। আশীৰ দশকত সাংবাদিকতা আৰম্ভ কৰা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অসমীয়া কাকতত কাৰ্যবাহী সম্পাদক হিচাপে কাম কৰাৰ উপৰি ‘নতুন দৈনিক’ আৰু ‘সান্ধ্য বাতৰি’টো জ্যেষ্ঠ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কাম কৰিছিল। সাংবাদিকতাৰ উপৰি বিভিন্ন কাকতত ৰাজনৈতিক ৰস ৰচনা লিখি অসমৰ পাঠকক আমোদ যোগাইছিল মোজাহিদুল হকে। তেওঁৰ ‘নকৰিবলগীয়া চিন্তা’ নামৰ ব্যংগ ধাৰাবাহিকটোৱে পাঠকৰ মাজত ব্যপক জনপ্ৰিয়তা লাভ কৰিছিল। পৰৱৰ্তী সময়ত এই নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰা হৈছিল।

ধুবুৰীত জন্মগ্ৰহণ কৰা মোজাহিদুল হকে ভোলানাথ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা শেষকৰাৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ কাহিলিপাৰাৰ সাংবাদিক ক’লনীত বাস কৰা মোজাহিদুল হকে মৃত্যুৰ সময়ত পত্নী গুলচানা চুলতানা আৰু ১৪ বছৰীয়া একমাত্ৰ পুত্ৰ ৰিদান হকক এৰি থৈ যায়। আজি হাতীগাঁওস্থিত খানকাহ কবৰস্থানত তেওঁৰ জানাজা সম্পূৰ্ণ কৰা হয়। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ জানাজাত ‘অসমীয়া খবৰ’ৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, ‘অগ্ৰদূত’ৰ সম্পাদক প্ৰাঞ্জল সেন ডেকা, ‘দৈনিক গণ অধিকাৰ’ৰ সঞ্চালক ছাহজাহান তালুকদাৰকে আদি কৰি বিভিন্ন গুণমুগ্ধ উপস্থিত থাকে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বৃক্ক ৰোগৰ উপৰি হৃদৰোগত ভূগি থকা মোজাহিদুল হকে উন্নত চিকিৎসাৰ বাবে কলকাতালৈ যোৱাৰ যো-যা চলাইছিল যদিও নিয়তিৰ হাতত হাৰ মানিবলৈ বাধ্য হয়। অকালতে ৫০ বছৰ বয়সত মোজাহিদুল হকৰ মৃত্যু ঘটাত আজি ৰাজ্যৰ সংবাদ জগতত শোকৰ সৃষ্টি হয়। জ্যেষ্ঠ সাংবাদিগৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ, সম্পাদক সঞ্জয় ৰায়, দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা, সম্পাদক কুঞ্জমোহন ৰায়, জাফাৰ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী কৰবী বৰশইকীয়া, সম্পাদক দীপাংকৰ মেধীয়ে শোকপ্ৰকাশ কৰে।

উল্লেখ্য যে বিভিন্ন কাকতত ব্যংগ ৰচনা লিখাৰ উপৰি বিভিন্ন তথ্যগধূৰ তথা ৰাজনৈতিক নিবন্ধ লিখিছিল মোজাহিদুল হকে। ‘দৈনিক গণ অধিকাৰ’ৰ ধাৰাবাহিকভাৱে স্তম্ভ লিখিছিল সাংবাদিকগৰাকীয়ে। জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ আকস্মিক মৃত্যুত ‘দৈনিক গণ অধিকাৰ’ৰ সঞ্চালক ছাহজাহান তালুকদাৰে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *