Monday , September 21 2020
শেহতীয়া খবৰ

জয়পুৰত সেনা আৰক্ষীৰ অভিযানত আলফা(স্বাধীন)ৰ লিংকমেন গ্ৰেপ্তাৰ, মাৰণাস্ত্ৰ উদ্ধাৰ

দৈনিক গণঅধিকাৰ, নাহৰকটীয়াঃ ডিব্ৰুগড় জিলাৰ জয়পুৰত যোৱা ৩ মে’ৰ নিশা প্ৰায় ২ বজাত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় এজন যুৱক। আলফা ( স্বাধীন) ৰ লিংকমেন সন্দেহত আটকাধীন যুৱক জনৰ নাম অৰুপ হাজৰিকা (২০) বুলি জানিব পৰা গৈছে। জয়পুৰৰ নগাঘাটৰ বাসিন্দা ৰজনী হাজৰিকা আৰু গীতাঞ্জলী শইকীয়াৰ পুত্ৰ উক্ত যুৱক জনৰ বিৰুদ্ধে সেনাই  আলফা(স্বাধীন) ৰ লগত জড়িত বহুতো তথ্য পোৱাৰ লগতে ২০১৯ চনৰ ২৭ নৱেম্বৰত জয়পুৰ আৰু নাহৰকটীয়াত আলফা(স্বাধীন) ৰ পতাকা উত্তোলন কৰাৰো তথ্য পাইছে। অভিযান কালত যুৱকজনৰ বাসগৃহ আৰু ঘৰৰ চৌপাশত সেনাৰ স্নিফাৰ দগৰ সহায়ত বিচাৰ খোচাৰ কৰি ০.২২ পিষ্টল,এটা মেগজিন সহ দুই ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে বুলিও জানিব পৰা গৈছে।
প্ৰাথমিক তদন্তত প্ৰকাশ পোৱামতে যুৱক জনে আলফা(স্বাধীন) ৰ স্বয়ম্ভূ লেফটেনেন্ট অভিজিৎ গগৈ ওৰফে আইছেং অসমৰ ছত্ৰছায়াত নৱপ্ৰজন্মৰ বহু যুৱকক আলফা(স্বাধীন) ৰ প্ৰতি আগ্ৰহী কৰি তোলাত আগভাগ লৈ আহিছে, তাৰূপৰি ডিব্ৰুগড় জিলাৰ অন্যান্য স্থান সমূহত কূটাঘাতমূলক কামকাজ সংঘটিত কৰাৰ উদ্দেশ্যে নিষিদ্ধ ঘোষিত সংগঠনটোৱে নৱপ্ৰজন্মৰ মাজত আলফা(স্বাধীন) ৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাবলৈ এনে ধৰণে নতুন নতুন যুৱকক ব্যৱহাৰ কৰিছে বুলিও চৰকাৰী সূত্ৰটোৱে জানিবলৈ দিছে।
সেনাৰ প্ৰাথমিক তদন্তৰ পিছতেই উক্ত যুৱক জনক এজাহাৰ সহিতে জয়পুৰ আৰক্ষীক গতাই দিয়ে আৰু আৰক্ষীয়ে সেনাৰ এজাহাৰ খনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধী আইনৰ ১২০(বি)/১২১/১২২ ধাৰা, আৰ ডব্লিউ ধাৰা ১০/১৩ ইউ এ পি এক্ট আৰু ১০/২৫ (১)(এ) আৰ্মছ এক্টৰ অধীনত ২৫/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি আজি নাহৰকটীয়া মহকুমা আদালতত হাজিৰ কৰাই তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত আনি আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে বুলি বিশেষ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে। পৰিয়ালৰ সদস্য সকলে ৰহস্যৰ আৱৰ্তত থকা সম্পূৰ্ণ ঘটনাটোৰ বাবে স্তম্ভিত হৈ পৰাৰ লগতে ঘটনাটোৰ উচিত বিছাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনোৱাৰ লগতে সংবাদ মাধ্যমৰ যোগেদি আলফা(স্বাধীন) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক তেওঁলোকৰ পুত্ৰ অৰুপ হাজৰিকা আলফা(স্বাধীন) ৰ সদস্য হয়নে নহয় তাৰো স্পষ্টিকৰণ দিবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *