Friday , September 25 2020
শেহতীয়া খবৰ

জৰাজীৰ্ণ বাট পথ :জীয়াতু ভোগাইছে টেঙাখাতবাসীক

গণ বাৰ্তা, টেঙাখাত :২১ জুলাই :ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অধীনস্থ নকাৰী ভেকোলাজান গাঁও পঞ্চায়তৰ সকলো বাট পথৰ জৰাজীৰ্ণ হৈ পৰাৰ লগতে বোকা পানীৰে কদৰ্যময় হৈ পৰিছে ।দেশে স্বাধীনতাৰ ৭০বছৰ অতিক্ৰম কৰিলে যদিও  আজি পৰ্যন্ত ৰাজ্যখনৰ উন্নয়নৰ ছবিখন একেই থাকিল ।  উন্নয়নৰ নামত ঢাক ঢোল বজাই থকা শাসনাধিষ্ট চৰকাৰ খনৰ জনপ্ৰতিনিধি সকলে বাট পথৰ এনে কদৰ্য ৰূপ কেতিয়া চকুত পৰিব তাক লৈ এতিয়া জাঙুৰ খাই উঠিছে অঞ্চল টোৰ সচেতন ৰাইজ। অঞ্চলটোৰ ৰাইজে বিভিন্ন সময়ত জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে আহিছে যদিও সম্পূৰ্ণ অংগুষঠ প্ৰদৰ্শন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।অঞ্চলটোৰ ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ অব্যাহত থকাৰ বিষয়ে সংশ্লিষ্ট সকলো পশষয়কে সঁকিয়াই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *