Sunday , September 20 2020
শেহতীয়া খবৰ

টিংখাঙত  হেমন্ত কোৱৰ,শশী শেনছোৱাৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী

গণ বাৰ্তা , ৰাজগড়, ২০ আগষ্ট  : আজি টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড় শ্বহীদ বেদীৰ সমীপত কৃষক মুক্তি ,চাহ শ্ৰমিক মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু কা বিৰোধী মঞ্চৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।অখিল গগৈ,হেমন্ত কোৱঁৰ, শশী শেনছোৱাকে প্ৰমুখ্যে কৰি কা বিৰোধী সকলোকে মুক্তিৰ দাবীত  বিজেপি চৰকাৰ হুচিয়াৰ, বিমল বৰা মূৰ্দাবাদ, টিংখাং পুলিচ প্ৰশাসন হুচিয়াৰ, কা আমি নামানো আদি বিভিন্ন শ্লগানেৰে ৰাজগড়ৰ আকাশ বতাহ কপাই তোলে।আজিৰ কাৰ্যসুচীত উপস্থিত থাকে কৃষক মুক্তিৰ নিতুল বৰুৱা,প্ৰমোদ দিহিংগীয়া, পদমেশ্বৰ কোচঁ, ছাত মুক্তিৰ মনোজ কোচঁ, নবুল ভৰালী, ৰঞ্জিত ৰানা,শৈলেন গগৈ,চাহ শ্ৰমিক মুক্তিৰ দিপক মাঝি,নাৰী মুক্তিৰ বাসন্তী গগৈ ,শ্ৰমিক নেতা বলদেৱ তেলী,কা বিৰোধী মঞ্চৰ সভাপতি যাদৱ গগৈ,চি পি এম এলৰ বিতোপন বকলীয়াল, বলীন্দ্ৰ শইকীয়া ,লেঙেৰী আঞ্চলিকৰ ছাত্র মুক্তিৰ বিশ্বজিৎ লাহন ,প্ৰাক্তন বিধায়ক অনুপ ফুকন ,সমাজ কৰ্মী দূৰ্গাৱতী শোনাৰ কে প্ৰমুখ্যে কৰি বহু বিষয়ববীয়া তথা ৰাইজ।

Leave a Reply

Your email address will not be published. Required fields are marked *