শেহতীয়া খবৰ

টিক টক ভিডিঅ প্ৰচাৰ কৰি গ্ৰেপ্তাৰ মহিলা চোৰ, পাঁচ দিনৰ আৰক্ষী জিম্মালৈ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ টিক টকত ভিডিঅ  বনাই প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হল এগৰাকী  মহিলা চোৰ । মহিলা চোৰ গৰাকী নাম হল চুমি কলিতা ।  যোৰহাটৰ পল্লৱী  ফুকন নামৰ হাবিচুকৰ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত যোৰহাট লিচুৱাৰী আৰক্ষীয়ে কালি গুৱাহাটী গাড়ীগাঁৱৰ পৰা মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাই পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত লয় । মহিলা গৰাকীৰ পৰা আৰক্ষীয়ে এডাল সোণৰ চেইন, এটা আঙুঠি ,এটা আই ফোন , এযোৰ গাম খাৰু ,এটা হাত গড়ি,এযোৰ কেঁচা সোণৰ কানফুলি ,এটা মেকাপ চেতৰ লগতে বহু কাপোৰ কানি উদ্ধাৰ কৰে ।
উল্লেখ্য যে যোৰহাট লিচুৱাৰীৰ পল্লৱী ফুকন নামৰ মহিলা গৰাকীয়ে নিজৰ   ঘৰত পৰিচাৰিকা ৰূপে লক্ষীমপুৰৰ মৰনৈৰ এই চুমি কলিতাৰ নামৰ যুৱতী গৰাকীক  ঘৰুৱা কাম কৰিবলৈ নিয়োগ  কৰিছিল। পল্লৱী ফুকনে ৰোগীয়া মাতৃৰ পৰিচাৰ্য্যৰ বাবে গুৱাহাটীৰ “সঁহাৰি” নামৰ এটা এন জি অ’ৰ পৰা চুমি কলিতাক নিয়োগ কৰা বুলি এজাহাৰত উল্লেখ  কৰিছিল। পৰিচাৰ্য্যা চুমি কলিতাই এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৫ মে লৈকে পল্লৱী  ফুকনৰ ঘৰত কাম কৰে। এই সময়চোৱাত মহিলা গৰাকীৰ সৰলতাৰ সুযোগ লৈ  পল্লৱী ফুকনৰ যোৰহাটৰ লিচুবাৰীস্থিত আৰু গুৱাহাটীৰ ভি আই পি ৰোডৰ পেলেছিয়া পাৰ্ক স্থিত ঘৰৰ পৰা প্ৰায় লক্ষ্যাধিক টকাৰ সোণৰ  আ অলংকাৰ, ৰূপৰ মুদ্ৰা, কেইবাটাও মূল্যবান ঘড়ী, দামী পোচাকৰ লগতে মহিলাগৰাকীৰ সন্তানক আইতাকে দিয়া এটা হীৰা খটুৱা লকেটো চুৰি কৰিছিল ।
পিচত লোভ সামৰিক নোৱাৰি চুৰি গহনা আৰু পোচাক পিন্ধি অনামিকা বৰুৱা ২১ নামৰ এটা একাউন্ট খুলি টিক টক ভিডিঅ নিৰ্মাণ কৰি  চুমিয়ে প্ৰচাৰ কৰিছিল । এই ভিডিঅ দেখাৰ লগে লগে মহিলা গৰাকী হতবাক হৈ পৰে। চুমি কলিতাই পিন্ধি তৈয়াৰ কৰা টিক টক ভিডিঅত নিজৰ কাপোৰ আৰু গহনা চিনি পায় আৰু চুমি কলিতাক ফোন  যোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। কিন্তু চুমিয়ে মহিলা গৰাকীয়ে ফোন কৰাৰ পিছতেই মোবাইল ফোন বন্ধ কৰি দিছিল । উপায়হীন হৈ পল্লৱী ফুকনে কেইদিনমান পূৰ্বে চুমি কলিতাৰ বিৰুদ্ধে যোৰহাট লেচুবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত যোৰহাটৰ আৰক্ষী অধীক্ষক নিৰ্দেশত লিচুৱাৰী আৰক্ষীয়ে কালি নিশাই যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰি যোৰহাটলৈ আনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *