Wednesday , September 23 2020
শেহতীয়া খবৰ

টীয়কৰ সাংবাদিক মৃদুল বৰুৱাৰ ইহলীলাবৰণ , যোৰহাট – টীয়কত  শোকৰ ছাঁ 

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১১ আগষ্ট  : টীয়কৰ নিউজ লাইভৰ সাংবাদিক মৃদুল বৰুৱাই আজি নিশা প্ৰায় ৯:৫৫ মান বজাত যোৰহাট মিছন হস্পিতালত চিকিৎসাধীন অৱস্থাত ইহলীলা বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৪১ বছৰ । জানিব পৰা মতে  সাংবাদিকজন বহু দিনৰ পৰা  যকৃত ৰোগত ভুগি আছিল । স্বাস্থ্য অৱনতি হোৱাত কেইদিনমানৰ পূৰ্বে তেওঁক যোৰহাট মিছন হস্পিতালত ভৰ্ত্তি কৰাইছিল যদিও আজি সাংবাদিকজনৰ মৃত্যু হয় । তেওঁৰ মৃত্যুত যোৰহাট আৰু টীয়কত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ খবৰ বিয়পি পৰাৰ  লগে লগে  মিছন হস্পিতালত টীয়ক আৰু যোৰহাটৰ বহু কেইজন সাংবাদিক  উপস্থিত হয়হি । মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ , পত্নী সহ এগৰাকী ১২ বছৰীয়া কন্যা সন্তানৰ লগতে বহু পৰিয়াল ইহসংসাৰত এৰি থৈ গৈছে । টীয়ক জগদুৱাৰ বনাই গাঁৱৰ বাসিন্দা বৰুৱা এজন সৎ সাহসী সাংবাদিক আছিল । বহু সময়ত তেওঁ সমাজৰ আগৰণুৱা হৈ নিজৰ দায়িত্ব পালন কৰি গৈছিল । মৃদুল বৰুৱাৰ মৃত্যুত যোৰহাট জিলাৰ সতীৰ্থ সাংবাদিকসকলৰ  লগতে টীয়ক আৰু যোৰহাট প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে । দৈনিক গণ অধিকাৰৰ সকলো সাংবাদিকে  বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেঁওৰ  বিদেশী আত্মাৰ চিৰ শান্তি কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *