Friday , September 25 2020
শেহতীয়া খবৰ

টেঙাখাতত আছুৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ শুভাৰম্ভণি 

গণ বাৰ্তা, টেঙাখাত, ২৩ জুলাইঃ  ডিব্ৰুগড় জিলাৰ টেঙাখাতত এইবছৰ সুখ্যাতিৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ মুঠ ১২৩ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে কৰোনা ভাইৰাছৰ বাবে সামাজিক ব্যৱধান ৰাখি আজি আনুষ্ঠানিকভাৱে অভিনন্দন অনুষ্ঠানটি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ত শুভাৰম্ভ কৰে। টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দ্বিপজ্যোতি শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশেষ অভিনন্দন অনুষ্ঠানৰ যোগেদি উচ্চ মাধ্যমিকৰ ১০১ গৰাকী, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ১৬ গৰাকী আৰু চিবিএচচি পৰীক্ষাত উত্তীৰ্ণ ৬ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ যোগেদি আজি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ টিংৰাই জাতীয় বিদ্যালয়ৰ পাৰচনা পাৰমে, লিটিল ষ্টাৰ হাইস্কুলৰ প্ৰতীক্ষ গগৈ, টেঙাখাত জাতীয় বিদ্যালয়ৰ জ্ঞানশ্ৰী ফুকন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ টিংৰাই কনিষ্ঠ মহাবিদ্যালয়ৰ মানসপ্ৰতীম সোণোৱাল, ৰোহন ছেত্ৰী আৰু টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিহাৰিকা সোণোৱাল, চিবিএচচি দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ টিংৰাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ জ্ঞান জ্যোতি পাম আৰু অম্লান জোতি শইকীয়াক একোখনকৈ মানপত্ৰ, গামোচা আৰু একোডালকৈ কলম উপহাৰেৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সীমান্ত হাজৰিকাই আঁত ধৰা এই বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ধনজিৎ সন্দিকৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অৰ্জুন ছেত্ৰী, টেঙাখাত প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈ, সম্পাদক জয়ন্ত শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি শুভেচ্ছামূলক বক্তব্য দাঙি ধৰে। সভাত আছুৰ নেতা হৰিপ্ৰসাদ সোনোৱাল, টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উমানন্দ গোহাঁইকে আদি কৰি কৃতী মান ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকা সকলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত কৃতী ছাত্ৰ ছাত্ৰীৰ হৈ মানসজোতি সোণোৱাল, অম্লানজ্যোতি শইকীয়া আৰু পাৰচনা পাৰমে নিজৰ অভিমত ব্যক্ত কৰি মানৱ সম্পদ বিকাশ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনোৱাৰ লগতে প্ৰকৃত মানুহ হবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অন্যহাতে বাকী কৃতী ছাত্ৰ ছাত্ৰীক কাইলৈৰ পৰা ঘৰে ঘৰে গৈ আছুৰ নেতৃবৃন্দই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি আছুৰ বিষয় ববীয়াসকলে জানিবলৈ দিছে।
মনজিৎ বৰা,টেঙাখাত,২৩/০৭/২০২০

Leave a Reply

Your email address will not be published. Required fields are marked *