Friday , September 25 2020
শেহতীয়া খবৰ

টেঙাখাতৰ বানটনাত ৰাজহুৱা কঠিয়াতলীৰ শুভাৰম্ভ   

গণ বাৰ্তা, টেঙাখাত, ১১ জুলাই : ডিব্ৰুগড় জিলাৰ  টেঙাখাত উন্নয়ন খণ্ডৰ অধীনস্থ অতি জৰাজীৰ্ণ আৰু যোগাযোগৰ অতি সংকটপূৰ্ণ এলেকা বানটনা গাঁৱত ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ অধীনত ৪ হেক্টৰ কৃষিভূমিত বিগত দুবছৰ ধৰি কৃষি কৰ্মত নিয়োজিত কেইবাগৰাকীমান উদীয়মান কৃষকৰ আশাশুধীয়া প্ৰচেষ্টাত আৰম্ভ হোৱা কৃষিভূমিত আনুষ্ঠানিকভাৱে কঠিয়াতলীৰ কঠিয়া সিঁচা  কাৰ্যসূচী শুভাৰম্ভ কৰে। স্থানীয় কৃষক গৌতম শইকীয়াই আঁত ধৰা পথাৰৰ কঠিয়াতলীত কঠিয়া সিঁচা কাৰ্যসূচী আনুষ্ঠানিকভাৱে ডিব্ৰুগড় জিলাৰ কৃষি সম্প্ৰসাৰণ বিষয়া হোমেন্দ্ৰ গোস্বামীয়ে কঠিয়া সিঁচি শুভাৰম্ভ কৰে। অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজখনিকৰৰ আশাশুধীয়া প্ৰচেষ্টাত বানাক্ৰান্ত ৰাইজক এমুঠি কঠিয়া যোগাৰ ধৰাৰ মানসেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ কৃষি সম্প্ৰসাৰণ বিষয়া হোমেন্দ্ৰ গোস্বামী,জয়পুৰ উন্নয়ন খণ্ডৰ কৃষি সম্প্ৰসাৰণ বিষয়া সূৰ্য্য কুমাৰ শ্যাম, টেঙাখাত উন্নয়ন খণ্ডৰ কৃষি সম্প্ৰসাৰণ বিষয়া নীলাক্ষি শইকীয়া, জিলা কৃষি কাৰীকৰি সহায়ক প্ৰেৰণা পৱন গগৈ আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । এই কাৰ্যসূচীয়ে অঞ্চলটোৰ কৃষক ৰাইজলৈ এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বুলি সচেতন কৃষক ৰাইজে সদৰি কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *