Thursday , August 13 2020
শেহতীয়া খবৰ

ডব্লিউএইচঅ’ পৰা আমেৰিকা আঁতৰি অহাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ ২০২১ৰ ৬জুলাইৰ পৰা হ’ব কাৰ্যকৰী: ৰাষ্ট্ৰসংঘ

 

ৱাশ্বিংটন, ৮ জুলাই ঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’)ৰ পৰা ওলাই বা আঁতৰি অহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘোষণা মে’ৰ শেষৰ ফালেই কৰিছিল, যেতিয়া তেওঁ সংগঠনটোৱে কোৰোনা মহামাৰীৰ সময়ছোৱাত চীনৰ প্ৰশংসক ৰূপে কাম কৰি থকাৰ অভিযোগ কৰিছিল। কোৰোনা ভাইৰাছে আমেৰিকাত ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। বিশ্বৰ দেশসমূহৰ ভিতৰত কোৰোনাত অধিক প্ৰভাৱিত তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা। দেশখনত মুঠ কোৰোনা আক্ৰান্তৰ সংখ্যা ৩০,৯৭,০৮৯জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ১,৩৩,৯৭২জনলৈ বৃদ্ধি পাইছে। আমেৰিকাৰ এনে পৰিস্থিতিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা জগৰীয়া বুলি কৈ আহিছে ড’নাল্ড ট্ৰাম্পে। কোৰোনা ভাইৰাছ বিয়পাৰ তথ্য সময়মতে অৱগত কৰা নাছিল বিশ্ব স্বাস্থ্য সংস্থাই। সেইবাবে এই সংস্থাৰ পৰা আমেৰিকা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে বুলি মে’ৰ শেষত ঘোষণা কৰিছে।

ইউৰোপিয়ান ইউনিয়নকে ধৰি বহু দেশৰ নেতাই ট্ৰাম্পৰ এই ঘোষণাক পুনৰ এবাৰ বিচাৰ কৰি চাবলৈ আহ্বান জনাইছিল। কিন্তু ট্ৰাম্পে সেই আহ্বান নাকচ কৰি কৈছিল- বিশ্ব স্বাস্থ্য সংস্থালৈ বছৰি আগবঢ়াই অহা ধন অন্যত ব্যৱহাৰ কৰিব। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰসংঘ আৰু আমেৰিকা সংসদত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা তেওঁলোক ওলাই অহাৰ কথা আনুষ্ঠানিকভাৱে কালি নিশা অৱগত কৰিছে। কিন্তু আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ওলাই অহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ এবছৰ সময়ৰ প্ৰয়োজন হ’ব। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ প্ৰবক্তা ষ্টিফেন ডুজাৰিকে কয় যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ওলাই অহাৰ কথা অৱগত কৰিছে। যি ২০২১ৰ ৬ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। উল্লেখ্য যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থালৈ বছৰি সৰ্বাধিক অনুদান আগবঢ়াই আহিছে। ২০১৯ত আমৰিকাই সংস্থাটোলৈ ৪০ কোটি ডলাৰ অনুদান আগবঢ়াইছিল। যি সংস্থাটোৰ মুঠ বাজেটৰ ১৫ শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *