Home Main Stories ডিগবৈত ভাৰতীয় সেনা বাহিনীয়ে নগদ ৯ লাখ ৪৯ হাজাৰ ৫০০ টকাসহ এজনক...

ডিগবৈত ভাৰতীয় সেনা বাহিনীয়ে নগদ ৯ লাখ ৪৯ হাজাৰ ৫০০ টকাসহ এজনক কৰায়ত্ত

28
0

দৈনিক গণ অধিকাৰ,৭ মে,ডিগবৈঃ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী চকীৰ অন্তৰ্গত,১ নং টকৌপথাৰৰ নিবাসী জংগ বাহাদুৰ ছেত্ৰী (৩৭) নামৰ যুৱক জনৰ পৰা,ডিগবৈ পাৱৈ নামৰ অঞ্চলত ভাৰতীয় সেনা বাহিনীয়ে  বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷জানিব পৰা অনুসৰি ,পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত ডিগবৈ ভাৰতীয় সেনা বাহিনীৰ এটি দলে গোপন সূত্ৰৰ পম দেখি, ধৃত জংগ বাহাদুৰ ছেত্ৰী নামৰ যুৱকজনৰ পৰা ৯ লাখ ৪৯ হাজাৰ ৫০০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷উল্লেখ বিষয় যে,মহামাৰী ক’ৰুনাই মানৱ জীৱনলৈ বিপৰ্যয়ৰ কাৰণ হৈ ঠিয় দিয়াৰ পৰিপেক্ষিতত,চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰিত কৰি দিয়া নীতি নিয়ম অনুসৰি সন্ধিয়া ছয় বজাৰ পৰা পুৱা ছয় বজালৈ সন্ধ্যাআইন জাৰি কৰি ৰখাৰ পাচত ,এই বৃহৎ পৰিমাণৰ নগদ  ধন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷অভিযোগ থকা অনুসৰি, ধৃত জংগ বাহাদুৰ ছেত্ৰী ড্ৰাগছ,কানিকে আদি কৰি সামাজিকভাৱে  নিসিদ্ধ নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত বুলি জানিব পৰা গৈছে৷তাৰ উপৰিও জংগ বাহাদুৰ ছেত্ৰী নামৰ যুৱকজন নিসিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন আলফাৰ লগত সু-সমন্ধ থকাৰ বুলি অভিযোগ উঠিছে৷ক’ৰুনা মহামাৰীৰ কাল প্ৰকোপৰ মাজতো বৃহৎ পৰিমাণৰ ধনৰাশি পুৱতি নিশা কাক,কিয় বা কি কাৰণত যোগান ধৰিবলৈ নিছিল ৰহস্যৰ আৱৰ্তত৷আনহাতে,ভাৰতীয় সেনাই বৃহৎ ধনৰাশিৰ সৈতে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা জংগ বাহাদুৰ ছেত্ৰী নামৰ যুৱকজনক আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিগবৈ আৰক্ষী চকীত চমজাই দিয়ে যদিও ডিগবৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অমান্তি প্ৰকাশ কৰাৰ লৈ আন এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here