শেহতীয়া খবৰ

ডিজেলৰ মূল্যবৃদ্ধিত অস্বস্তিত বাছ মালিকঃ শীঘ্ৰে ডিজেলৰ দাম হ্ৰাস কৰাৰ আহবান

অধিক লোকচানৰ সন্মুখীন হ’লে মহানগৰীত নচলিব চিটী বাছ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুন ঃ কোৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ছোৱাত পৰিবহণৰ সৈতে জড়িত লোকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। প্ৰায় দুটা মাহ ধৰি পৰিবহণ সেৱা বন্ধ হৈ থকাত বাছ মালিকসকল ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল। লকডাউন প্ৰত্যাহাৰ হোৱাৰ পিছত সামাজিক নিয়ম মানি পৰিবহণ সেৱা অব্যাহত ৰখাৰ সময়ত কমসংখ্যক যাত্ৰী লৈ ব্যৱসায় অব্যাহত ৰাখিবলগীয়া হৈছিল বাছ মালিকসকল। কিন্তু শেহতীয়াকৈ যাত্ৰীৰ বাবে নহয়, ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে মূৰে-কপালে হাত দিছে বাছ মালিকসকলে। খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য হ্ৰাস পালেও দেশত ব্যাপক হাৰত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ঘটাত এতিয়া কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে পঞ্চাশ শতাংশ যাত্ৰীৰে চিটী বাছ চলি আছিল যদিও শেহতীয়াকৈ ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিত লোকচানৰ সন্মুখীন হৈছে বাছ মালিকসকল। পূৰ্বতে মহানগৰীত প্ৰায় সাতশখন বাছ চলিছিল। কিন্তু লকডাউন আৰু কোৰোনা ভাইৰাছৰ বাবে বৰ্তমান চাৰিশখন বাছ চলি আছে। এই বাছ সেৱাৰ লগত তিনি হাজাৰটা পৰিয়াল সংস্থাপিত হৈ আছে। কিন্তু ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে বাছ মালিকসকল ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাত তেওঁলোক কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে। আজি বাছ মালিকসকলে সংবাদমেল যোগে এই কথা উল্লেখ কৰি কয় যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত লাভৰ পৰিমাণ কমি গৈছে। আনহাতে চিটী বাছৰ মালিকসকলে চৰকাৰৰ আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত কোনো সহায় নোপোৱা বুলিও ক্ষোভ উজাৰে। এনেদৰে ডিজেলৰ মূল্য বাঢ়ি থাকিলে ক্ষতিৰ পৰিমাণ অধিক হ’ব আৰু বাছ মালিকসকলৰ হাতত উপায় নথকা হ’ব বুলি ক্ষোভ উজাৰে। আজি নুনমাটি-খানাপাৰা চিটী বাছ মালিক সন্থাই শীঘ্ৰেই ডিজেলৰ দাম হ্ৰাস কৰিবলৈ আহবান জনোৱাৰ লগতে বাছ ভাৰা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *