শেহতীয়া খবৰ

ডিব্ৰুগড়ত ধৰা পৰিল প্ৰথমজন ক’ভিদ ১৯ পজিটিভ

দৈনিক গন অধিকাৰ, ডিব্ৰুগড়ঃ লকডাউনৰ চতুৰ্থ পৰ্য্যায়ত ডিব্ৰুগড়ত ধৰা পৰিল প্ৰথমজন ক’ভিদ ১৯ পজিটিভ ব্যক্তি। উল্লেখ্য যে, যোৱা ১৮ মে’ তাৰিখে তামিলনাডুৰ পৰা তেওঁ আহি  ডিব্ৰুগড়ত উপস্থিত হৈছিল। ডিব্ৰুগড় লেজাই মিৰিপথাৰ গাঁৱৰ ইন্দ্ৰেশ্বৰ মিলি নামৰ ব্যক্তিজনক বৰ্তমান ডিব্ৰুগড়ৰ হোটেল দেৱীকাত কোৱাৰেন্টাইনত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
গতিকে এই খবৰে পৰৱৰ্তী সময়ত  ডিব্ৰুগড়ত বিশেষ তাৎপৰ্য বহন কৰিব। কাৰণ কিছু সংখ্যক জনসাধাৰণক বৰ্তমানেও লকডাউনে বান্ধি ৰাখিব পৰা নাই ডিব্ৰুগড়ত। চৰকাৰী আদেশ অমান্য কৰি মাস্ক অবিহনে বজাৰ – সমাৰ কৰি বা ৰাস্তাই – ঘাটে  সততে টিঘিলঘিলাই ফুৰা চকুত পৰে বহু সংখ্যক মানুহ।

Leave a Reply

Your email address will not be published. Required fields are marked *