Sunday , September 20 2020
শেহতীয়া খবৰ

ডিব্ৰুগড়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী যোগেন মহনে

গণ বাৰ্তা,  ডিব্ৰুগড়, ১৫ আগষ্টঃ  ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত শনিবাৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে দুৰ্যোগ আৰু ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে। শ্বহীদ তৰ্পণ কৰাৰ পিছতে পতাকা উত্তোলন তথা অভিবাদন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশ বৰ্তমান উন্নয়নৰ দিশত অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰে। অসমতো উন্নয়নৰ গতি ক্ষীপ্ৰ হোৱা বুলি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়েও উল্লেখ কৰে তেওঁ। বৰ্তমানলৈকে চৰকাৰে ৩০ লক্ষাধিক পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা বুলিও উল্লেখ কৰে যোগেন মহনে। ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *