Wednesday , September 23 2020
শেহতীয়া খবৰ

ডিব্ৰুগড়ত ৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণৰত ছলিড ৱেষ্ট মেনেজমেন্ট প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৩ ছেপ্টেম্বৰ :  ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী লেকাইত বিজ্ঞানসন্মত পদ্ধতিৰে আৱৰ্জনা নিষ্কাশনৰ লক্ষ্যৰে ৭৫ কোটি টকা ব্যয়সাপেক্ষে  চলি থকা  ছলিড ৱেষ্ট মেনেজমেণ্ট প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে আজি  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে।
উল্লেখ্য যে এই লেকাই ছলিড ৱেষ্ট মেনেজমেণ্ট প্ৰকল্প কাৰ্যক্ষম হৈ উঠিলে প্ৰতি ১০০  মেট্ৰিক টন আৱৰ্জনাৰ পৰা দৈনিক ৪০ মেট্ৰিক টন জৈৱিক সাৰ উৎপাদন সম্ভৱ হৈ উঠিব৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এই প্ৰকল্পৰ জৰিয়তে উৎপাদন হ’বলগীয়া জৈৱিক সাৰে ৰাজ্যখনৰ কৃষিখণ্ডৰ লগতে চাহ বাগানসমূহত উৎপাদন বৃদ্ধিৰ দিশত সহায়ক হ’ব বুলি উল্লেখ কৰি প্ৰকল্পৰ সৈতে জড়িত বিষয়ববীয়াক এতিয়াৰে পৰা এই প্লাণ্টত উৎপাদিত হ’বলগীয়া জৈৱিক সাৰে বজাৰ দখল কৰিব পৰাকৈ প্ৰয়োজনীয় পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷ জৈৱিক সাৰৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী সোণোৱালে আৱৰ্জনাৰ পৰা ডিজেল, গ্ৰেণুল আদি অন্যান্য সামগ্ৰী উৎপাদনৰ বাবেও পৰিকল্পনা এই প্ৰকল্পত সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে৷ এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে ই স্থানীয় নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মুখ্যমন্ত্ৰী সোণোৱালে উল্লেখ কৰে৷
পৰিদৰ্শনকালত তেওঁৰ সৈতে  বিধায়কদ্বয়  প্ৰশান্ত ফুকন,  চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত  পল্লৱ গোপাল ঝাও উপস্থিত থাকে।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]

Leave a Reply

Your email address will not be published. Required fields are marked *