Sunday , September 20 2020
শেহতীয়া খবৰ

ডিব্ৰুগড় চহৰত ড্ৰাগছ মাফিয়াৰ দপদপনি, ৩০ লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ উদ্ধাৰ

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৩ আগষ্ট :  দিনক দিনে ড্ৰাগছ মাফিয়াৰ উৎপাত বাঢ়িছে ডিব্ৰুগড় চহৰত। আৰক্ষী – প্ৰশাসনক বৃদ্ধাংগুষ্ঠ দেখুৱাই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। পংগু কৰি পেলাইছে নৱ প্ৰজন্মৰ বহু যুৱক – যুৱতীক। ধ্বংস কৰি পেলাইছে বহু পৰিয়াল। কিন্তু ডিব্ৰুগড়ৰ এই ড্ৰাগছ মাফিয়াৰ ঘাটি উৎখাত কৰিবলৈ আজিও সক্ষম হোৱা নাই ডিব্ৰুগড় আৰক্ষী প্ৰশাসন। মাজে মাজে ডিব্ৰুগড় আৰক্ষীয়ে দুই এজনক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰৰ আলহী কৰে যদি যদিও কাৰ কৃপা ধন্যহৈ পুনৰ মুকলি আকাশৰ তললৈ আহি দুগুণ উৎসাহেৰে ড্ৰাগছ ব্যৱসায়ত লিপ্ত হয় এয়া ডিব্ৰুগড়ৰ ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন। আজি অলপদিনৰ আগতে ড্ৰাগছৰ কবলত পৰা এগৰাকী যুৱতী দিন দুপৰতে আত্মহত্যাৰ বাবে ব্ৰহ্মপুত্ৰত জপিয়াই দিছিল যদিও ভাগ্যে ছোৱালীজনী ৰক্ষা পৰিল।জনা মতে , উক্ত ঘটনা সংঘটিত হৈছিল কেৱল ড্ৰাগছৰ বাবেই। প্ৰাপ্ত বাতৰি মতে, সেই ছোৱালীজনী ড্ৰাগছ আসক্ত আছিল আৰু যিজন যুৱকে ভৰা ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা উদ্ধাৰ কৰিছিল তেওঁ ড্ৰাগছ ব্যৱসায়ী আছিল। কিন্তু সেই অধ:পাতে যোৱা যুৱক যুৱতীৰ কি ব্যৱস্থা ল’লে ডিব্ৰুগড় আৰক্ষীয়ে সেয়াও আৰঁতেই ৰ’ ল ডিব্ৰুগড়বাসীৰ বাবে। উল্লেখ্য যে, যোৱা ২১ আগষ্ট তাৰিখে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টি আৰু সদৰ আৰক্ষী বিষয়াসহ এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় লোহাৰপট্টীৰ ২নং লাইনত ইউনুছ খান (৪২)নামৰ এজন ব্যক্তিৰ ঘৰত বক্স পালেঙত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ৩০০ গ্ৰাম মাৰাত্মক ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা অভিযুক্ত ইউনুছ খানে প্ৰকাশ কৰে যে কোনোবা নাজিৰ আলি নামৰ এজন লোকে দহহাজাৰ টকাৰ বিনিময়ত সেই হেৰ’য়িনখিনি লুকুৱাই ৰাখিবলৈ দিছিল। এই বিষয়ে অধিক তদন্তত সমগ্ৰ কথা পোহৰলৈ আহিব। গতিকে আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষী অধীক্ষক জনে জনোৱা মতে উদ্ধাৰ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লক্ষাধিক টকা। ডিব্ৰুগড়ৰ সচেতন ৰাইজে সমাজৰ সুৰক্ষাৰ বাবে ড্ৰাগছৰ এই ৰমৰমীয়া বেহা সম্পূৰ্ণৰূপে উৎখাত হোৱাটো বিচাৰিছে।

( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা। )

Leave a Reply

Your email address will not be published. Required fields are marked *