Wednesday , September 23 2020
শেহতীয়া খবৰ

ডিব্ৰুগড় পৌৰসভাৰ হঠকাৰী সিদ্ধান্তত খৰ্গহস্ত পকাবজাৰৰ ব্যৱসায়ী

গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ২৭ আগষ্ট :  ১৯৯১ চনতে স্থাপন হোৱা প্ৰায় ৩০ বছৰীয়া ডিব্ৰুগড় নগৰৰ পকা বজাৰখন ডিব্ৰুগড় পৌৰসভাই লীজত দিয়া বিষয়কলৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে ব্যৱসায়িক মহলৰ মাজত। প্ৰাক্তন পৌৰনেত্ৰীৰ এনে কৰ্মকাণ্ডত তীব্ৰ বিৰোধিতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ডিব্ৰুগড় প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ব্যৱসায়ীসকলে ।উল্লেখ্য যে, জহি খহি যোৱা পকাবজাৰৰ মেৰামতি অবিহনে ওপৰ মহলাটো লীজত দিবলৈ ব্যৱস্থা কৰা হৈছে। উৱলিযোৱা বেৰ ভাগি-চিগি, চাদৰ ৰড ভাগি ওলাই আহিছে লগতে ঠায়ে ঠায়ে বৰষুণ পৰা বজাৰৰ সুৰক্ষাৰ বাবে ডিব্ৰুগড়ৰ যুৱ সমাজকৰ্মী ৰেহান আহমেদে জিলা উপায়ুক্তক এই বিষয়ে অৱগত কৰাৰ পাছত যুৱকৰ্মীজনক কোনোবাই ভাবুকি প্ৰদান কৰাৰ কথাও জানিব পৰা গৈছে। তেওঁ কয় যে, পৌৰনেত্ৰী সোমা চক্ৰৱৰ্তীৰ কাৰ্যকালতে লীজত দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু মেৰামতি নকৰাকৈ দুই নম্বৰী কাগজ বনাই কাম কৰোৱাৰ বাবেই অলপদিনৰ আগতে জনৈক সোণোৱাল উপাধিৰ এজন ইঞ্জিনিয়াৰ জেলতো যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল । গতিকে এই ক্ষেত্ৰত ব্যৱসায়ী সকলে প্ৰশাসনৰ পৰা উচিত ন্যায় বিচাৰি লগতে পকাবজাৰৰ বিল্ডিংটো ভালকৈ নিৰ্মাণ কৰি দিবৰ বাবে দাবী জনাইছে।

( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা।  )

Leave a Reply

Your email address will not be published. Required fields are marked *