Friday , September 25 2020
শেহতীয়া খবৰ

ডিব্ৰুগড় জিলা বিজেপিৰ  ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি উৎপল মজুমদাৰৰ মৃত্যু

গণ বাৰ্তা, ডিব্ৰুগড়, ১ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ তিনিকোণীয়া পাৰা নিবাসী সমাজকৰ্মী, বিজেপিৰ ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি উৎপল মজুমদাৰৰ মঙ্গলবাৰে পুৱা বাৰ্ধক্য জনিত কাৰণত (৭৮) বছৰ বয়সত নিজা বাসভৱনত মৃত্যু মুখত পৰে।  বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী মজুমদাৰে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ তেওঁ ডিব্ৰুগড় জিলা ব্লক মণ্ডলৰ  সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত তেওঁ মৃত্যুৰ আগ মুহূৰ্তলৈকে বিজেপিৰ কাৰ্যবাহী সদস্য ৰূপে সেৱা আগবঢ়ায়। ১৯৪২ চনৰ ১৫ জানুৱাৰীত তিনিকোণীয়া পাৰাৰ পূজা মণ্ডপৰ কাষত জন্ম গ্ৰহণ কৰা এগৰাকী অতি সহজ সৰল অমাইক লোক  উৎপল মজুমদাৰ সকলোৰে মাজত বিৰুদা ৰূপে জনাজাত আছিল। কেইবছৰ মান পূৰ্বে পত্নীহাৰা হোৱা মজুমদাৰে মৃত্যুৰ সময়ত দুগৰাকী কন্যা সন্তানৰ লগতে পৰিয়ালৰ অনেক সদস্যক ইহ সংসাৰত এৰি যায়। মজুমদাৰৰ মৃত দেহ আজি ডিব্ৰুগড়ৰ বিজেপিৰ কাৰ্যালয়লৈ নিয়া হয় আৰু তাত কৰ্মকৰ্তা সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে। বিধায়ক প্ৰশান্ত ফুকনে তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে। আজি স্থানীয় চৌকিডিঙি শ্মশানত তেওঁৰ শেষ কৃত সম্পন্ন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *