Thursday , August 13 2020
শেহতীয়া খবৰ

ডুমডুমাৰ অভিনেত্ৰী নিৰ্মালি কোঁৱৰৰ মৃত্যু, শোক

গণ বাৰ্তা : ডুমডুমা: ২৯ জুলাইঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিং নিবাসী, বিশিষ্ট অভিনেত্ৰী, নৃত্য শিল্পী নিৰ্মালি কোঁৱৰৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি  মঞ্চ অভিনেত্ৰী নিৰ্মালী কোঁৱৰে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। অভিনেত্ৰী গৰাকীৰ ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিঙৰ  নিজ বাসগৃহত কালি সন্ধিয়া মৃত্যু হয় ৷ চিকিৎসাধীন অৱস্থাতে অসুস্থ দেহাৰে ৰাজপথলৈ ওলাই আহি আৰ্তজনক সহায় আগবঢ়োৱা শিল্পী গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তিনিচুকীয়া জিলাৰ নাট্য আৰু অভিনয় জগতৰ শিল্পীসকলৰ লগতে অনুৰাগীৰ মাজত শোকৰ ছাঁ পৰিছে । উল্লেখযোগ্য যে,  মঞ্চ অভিনেত্ৰী, বিহুৱতী তথা নৃত্য শিল্পী হিচাপে নাম থকা নিৰ্মালি কোঁৱৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত একেৰাহে  তিনিবাৰকৈ শ্ৰেষ্ঠ মুক অভিনেত্ৰীৰ সন্মান লাভ কৰি ডুমডুমা মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *