Friday , September 25 2020
শেহতীয়া খবৰ

ডুমডুমা পৌৰসভাৰ অকৰ্মন্যতাৰ ফল ভুগিছে ৰাইজে 

জাৱৰৰ দুৰ্গন্ধ, বিধ্বস্ত ৰাজপথ


গণ বাৰ্তা: ডুমডুমা ২৪ জুলাই:  তিনিচুকীয়া জিলাৰ এখন সদা ব্যস্ত নগৰী ডুমডুমা নগৰ। চাহ নগৰী হিচাপে খ্যাত ডুমডুমা নগৰত পৌৰসভাৰ অকৰ্মন্যতা আৰু বিগত সময়চোৱাত কৰা কৰ্মৰ ফল ৰাইজে এতিয়া বাৰুকৈয়ে ভোগ কৰিবলগীয়া হৈছে। বিধ্বস্ত বাটপথ, নলা নৰ্দমাৰ সু ব্যৱস্থা নথকাৰ ফলত ৰাইজে জীয়াতু ভুগিছে। বিধ্বস্ত পথত এতিয়া দ গাঁত। এজাক বৰষুণ দিলেই পুখুৰীৰ দৰে হৈ পৰে। ডুমডুমা নগৰলৈ প্ৰৱেশ পথতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা বিগত কেইবা মাহ ধৰি বিধ্বস্ত হৈ থকাৰ পিছতো পৌৰ সভাই নিৰ্মাণ, মেৰামতি কৰিবলৈ এদিনো সময় নাপালে। সম্প্ৰতি পৌৰ সভাৰ কাৰ্যকাল অন্ত পৰাত প্ৰশাসনে চম্ভালি আছে। পৌৰ প্ৰশাসনেও ডুমডুমা নগৰলৈ স্বাগতম জনোৱা বৃহৎ গাঁত থকা বিধ্বস্ত অংশ মেৰামতি কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিহে অভিযোগ উত্থাপিত হৈছে। পৌৰ সভাই নগৰ উন্নয়নত মুঠেও গুৰুত্ব আৰোপ নকৰিলে বুলি নগৰবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে। ইপিনে, ডুমডুমা – ফিলবাৰী মূল পথৰ দাঁতিত পেলোৱা জাৱৰৰ দম বৃদ্ধি পোৱাত জন স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ডুমডুমা নগৰৰ পৰা ওলোৱা জাবৰ সমূহ নিতৌ শ্মশানৰ সমীপত পেলাই পাহাৰ সদৃশ কৰি তুলিছে। জাৱৰ বৃদ্ধি পোৱাত দুৰ্গন্ধময় পৰিবেশ সৃষ্টি হৈছে। পথৰ দাঁতিলৈকে জাৱৰ সমূহ পৰি আছে। আনকি প্ৰতিকূল বতৰৰ দোহাই দি জাৱৰ পেলোৱা বাহন সমূহেও যধে মধে জাৱৰ পেলোৱাৰ ফলত পৰিবেশ দূষিত হৈছে। অঞ্চলটোত জাৱৰ পেলোৱাৰ ক্ষেত্ৰত ৰাইজে তীব্ৰ বিৰোধিতা কৰি আহিছে যদিও কোনো এটা পক্ষই এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। জাৱৰ নিষ্কাৰসনৰ কোনো ব্যৱস্থা নকৰা পৌৰ প্ৰশাখনে এতিয়াও জাৱৰ এনেদৰে পেলাইয়ে আছে। ডুমডুমা- ফিলবাৰী পথত যাতায়তত ব্যাঘাত জন্মাইছে। ডুমডুমা নগৰত স্বচ্ছ ভাৰত অভিযান ধোঁৱা চাঙত উঠিল। ডুমডুমা নগৰ উন্নয়ন তথা ৰাইজৰ সমস্যাক পিঠি দিয়া বুলি অভিযোগ কৰি নগৰবাসী সৰৱ হৈ পৰিছে। ডুমডুমা নগৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্য ব্যৱস্থা হাতত লবলৈ পৌৰ প্ৰশাসনক ৰাইজে দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *