Home Main Stories LIVE Updates | ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ নতুন মুখ্য মন্ত্ৰী...

LIVE Updates | ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ নতুন মুখ্য মন্ত্ৰী | VIDEO

87
0

গুৱাহাটী, ৯ মে : মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ কিছু পিছতে অসম বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব। উল্লেখ্য যোৱা কালি মুখ্যমন্ত্ৰীৰ ভাৰ কাক অৰ্পণ কৰা হ’ব সেই লৈ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ অমিত শ্বাহৰ লগতে কেন্দ্ৰীয় নেতাৰ সৈতে পৃথকে পৃথকে বৈঠকত বহিছিল আৰু তাৰেই পিছতেই কিছু ইংগিত পোৱা গৈছিল । আনুষ্ঠানিকতা ঘোষণা কৰা হোৱা নাছিল যদিও হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী ৰূপে শাসনভাৰ দিয়া হ’ব বুলি কিছু ইংগিত পোৱা গৈছিল। তাৰে পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় সমিতিৰ সৈতে অসম বিজেপিৰ বৈঠকত মিলিত হৈ ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্য মন্ত্ৰীৰূপে ঘোষণা কৰিব। ইতিমধ্যে সৰ্বানন্দ সোণোৱালে মুখ্য মন্ত্ৰী ৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰাত কিছু সময় পূৰ্বে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here