Home Main Stories তামিলনাডুত ডিএমকে, কেৰালাত এলডিএফ, পড্ডুচেৰিত বিজেপিৰ জয়

তামিলনাডুত ডিএমকে, কেৰালাত এলডিএফ, পড্ডুচেৰিত বিজেপিৰ জয়

45
0

তিৰুৱনন্তপুৰম, চেন্নাই, ২ মে ’:  চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আজি নিৰ্বাচন আয়োগে ঘোষণা কৰে। এই চাৰিখন ৰাজ্যৰ ভিতৰত আছে পশ্চিমবংগ, অসম, তামিলনাডু, কেৰালা আৰু এখন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ভিতৰত আছে পুডুচেৰী। অসমত বিজেপি মিত্ৰজোঁট, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, পুডুচেৰীত বিজেপি, তামিলনাডুত ডিএমকে আৰু কেৰালাত এলডিএফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ভাৰতৰ ভিতৰত একমাত্ৰ বাঁও চৰকাৰ থকা কেৰালাত দ্বিতীয়বাৰলৈ এলডিএফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। যিটো এক কেৰালাৰ ইতিহাসত অভিলেখ। ইয়াৰ পূৰ্বে কেৰালাত এবাৰ যদি এলডিএফৰ চৰকাৰ গঠন হয় দ্বিতীয়বাৰ ইউডিএফৰ চৰকাৰ গঠন হৈ আহিছিল। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ নেতৃত্বত দ্বিতীয়বাৰলৈ কেৰালাৰ ইতিহাসত এলডিএফৰ চৰকাৰ গঠন হৈছে। এলডিএফে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। লেফ্‌ট ডেমক্ৰেটিক ফ্ৰণ্ট, চমুকৈ এলডিএফে বাতৰি লিখাৰ পৰলৈ ৯৯খন আসনৰ অগ্ৰগতিত থাকে। ১৪০খন বিধানসভা সমষ্টি কেৰালাত ইউডিএফ, অৰ্থাৎ ইউনাইটেড ডেমক্ৰেটিক ফ্ৰেণ্ট ৪১খন আসনৰ অগ্ৰগতিত থাকে। এলডিএৰ প্ৰমুখ তথা বাঁওনেতা পিনাৰায় বিজয়নে ধৰ্মদাম বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰে।

কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী চি ৰঘুনাথ আৰু বিজেপিৰ প্ৰতিদ্বন্দ্বী কে কে পদ্মনাভনক পৰাস্ত কৰি তেওঁ এই সমষ্টিৰ পৰা জয়লাভ কৰিছে। ২০১৬ৰ বিধানসভা নিৰ্বাচনতে ধৰ্মদাম বিধানসভা সমষ্টিৰ পৰা কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জয়লাভ কৰিছিল। আনহাতে তামিলনাডুত এইবাৰ বৃহৎ পৰিৱৰ্তন দেখা পোৱা গৈছে। তামিলনাডুৰ এইবাৰৰ বিধানসভা নিৰ্বাচনত এআইএডিএমকেৰ নেতৃত্বত গঢ়া মহাজোঁটক পৰাস্ত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিৰোধী দল ডিএমকেৰ নেতৃত্বত গঢ়া মহাজোঁটে। ২০১৬ৰ বিধানসভা নিৰ্বাচনত এআইএডিএমকেয়ে ১৩৫খন আসন লাভ কৰিছিল আৰু ডিএনকেয়ে ৮৮খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮খন আৰু বিজেপিয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। এম কে ষ্টালিনৰ নেতৃত্বত ডিএমকেয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে এইবাৰৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচনত। ডিএমকেৰ এই সফলতাক দলটোৰ প্ৰমুখ এম কে ষ্টালিনক টুইটাৰৰ জৰিয়তে অভিনন্দন জনাইছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে। তেওঁ টুইটাৰৰ জৰিয়তে উল্লেখ কৰে যে তামিলনাডুৰ ভোটাৰে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। উল্লেখ্য যে তামিলনাডুত ২৩৪খন আসনৰ বিধানসভা নিৰ্বাচনত ডিএমকে আৰু কংগ্ৰেছ মহাজোঁটে ১৪৭খন আসনৰ অগ্ৰগতিত থাকে। তাৰ বিপৰীতে বাতৰি লিখা পৰলৈ এআইএডিএমকে আৰু বিজেপি মহাজোঁটে ৮৬খন আসনৰ অগ্ৰগতিত থাকে।

 বিগত নিৰ্বাচনত ডিএমকে মহাজোঁটে ৯৮খন আসন লাভ কৰাৰ বিপৰীতে এআইএডিএমকে মহাজোঁটে ১৩৪খন আসন লাভ কৰি চৰকাৰ গঢ়িছিল। কিন্তু এইবাৰ চৰকাৰ গঠনৰ পৰা তেওঁলোক বঞ্চিত হৈছে। ডিএমকেৰ নেতৃত্বত চৰকাৰ গঠন হ’ব এইবাৰ তামিলনাডুত। আনহাতে পুডুচেৰী বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ৩০খন আসনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে বাতৰি লিখা পৰলৈ ১৫খন আসনৰ অগ্ৰগতিত থকাৰ বিপৰীতে কংগ্ৰেছৰ মিত্ৰজোঁট ৭খন আসনৰ অগ্ৰগতিত থাকে আৰু অন্যান্য ৪খন আসনৰ অগ্ৰগতিত থাকে। ২০১৬ৰ নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটে ১৭খন আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে ১২খন আসন লাভ কৰিছিল আৰু অন্যান্যই এখন লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here