Friday , September 25 2020
শেহতীয়া খবৰ

তিতাবৰত এনকেফেলাইটিচত মৃত্যু এজনৰ

 গণ বাৰ্তা , তিতাবৰ ২০ জুলাইঃ  তিতাবৰত এনকেফেলাইটিচত এজন লোকৰ মৃত্যু হোৱাত  আতংকিত হৈছে  তিতাবৰবাসী ।  ৰাজ্যত এতিয়া কোৰোনাৰ মহামাৰীৰ সমানে এনকেফেলাইটিছেও  সন্ত্ৰাসৰ সৃষ্টি কৰিছে । আজি কেইদিন মানৰ পূৰ্বে  তিতাবৰত এগৰাকী কিশোৰী জাপানী এনকেফেলাইটিচত  মৃত্যুহোৱাৰ পাছত আজি পুনৰ এজন লোকৰ মৃত্যু হয় এনকেফেলাইটিচত ।  তিতাবৰ আমগুৰি খাটৰ নিবাসী প্ৰমোদ ভৰালীৰ (৫০)  আজি পুৱতি  নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত লোক জনৰ   মৃত্যু হয় । যোৰহাট চিকিৎসালয়ত উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই ব্যক্তি জনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে  পৰিয়াল বৰ্গই ।উল্লেখযোগ্য যে কোৰোনা আক্ৰান্তৰ সন্দেহত ব্যক্তি জনক  চিকিৎসা প্ৰদান নকৰি চিকিৎসালয়ত পেলাই থোৱাৰ বাবে ব্যক্তি জন অধিক অসুস্থ হৈ পৰে  আৰু আজি মৃত্যু হয় । কিন্তু ইফালে মৃত্যুৰ পূৰ্বে কোৰো’না ফলাফল নিগেটিভ অহাৰ  পিচত ব্যক্তি জনক ততাতৈয়াকৈ আই চি ইউত  ভৰ্ত্তি কৰা হয় যদিও ব্যক্তি জনে আজি পুৱতি নিশা মৃত্যুক আঁকোৱালি লয়।।আনহাতে স্বাস্থ্য বিভাগে উক্ত স্থান সমূহত প্ৰতিষেধক হিচাপে ফগিং,ডি ডি টি আদি ছটিউৱাৰ লগতে অঞ্চল সমূহত সজাগতা সভা অনুষ্ঠিত কৰিব লাগিছিল যদিও ,এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তিতাবৰ স্বাস্থ্য বিভাগ তথা তিতাবৰ মহকুমা প্ৰশাসনে।যাৰ ফলত তিতাবৰীয়া ৰাইজ অধিক আতংকিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *